অসম

assam

ETV Bharat / state

ওদালগুৰিত পালন এনডিএফবিৰ শ্বহীদ দিৱস - কাজিয়ামাটী

আজি ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে পালন কৰা হয় এনডিএফবিৰ শ্বহীদ দিৱস ৷ ওদালগুৰিৰ লগতে এনডিএফবিৰ প্ৰথম শ্বহীদ বাংবৌৰ গৌৰা বসুমতাৰীৰ গৃহতো পালন কৰা হয় শ্বহীদ দিৱস ৷ অনুষ্ঠানত সংগঠনটোৰ বহু সমস্যা সন্দৰ্ভত আলোচনা কৰা হয় ৷

Martyr's Day of NDFB celebrated in udalguri
ওদালগুৰিত পালন এনডিএফবিৰ শ্বহীদ দিৱস

By

Published : Sep 14, 2020, 8:37 PM IST

দৰং,14ছেপ্টেম্বৰ:সোমবাৰে ওদালগুৰিত পালন কৰা হয় এনডিএফবিৰ শ্বহীদ দিৱস ৷ এনডিএফবিৰ সংগঠন ভংগ হোৱাৰ পাছত পোনপ্ৰথম বাৰৰ বাবে পালন কৰা হয় এই দিৱস ৷ কাজিয়ামাটীত ধীৰেন বড়ো গোটৰ প্ৰাক্তন সদস্য সকলে পালন কৰে এই শ্বহীদ দিৱস ৷ এনডিএফবিৰ প্ৰথম শ্বহীদ বাংবৌৰ গৌৰা বসুমতাৰীৰ গৃহতো পালন কৰা হয় শ্বহীদ দিৱস ৷ ৰঞ্জন দৈমাৰী,ধীৰেন বড়ো আৰু সৌৰাংগ্ৰা গোটৰ প্ৰাক্তন সদস্যসকলৰ উদ্যোগত পালন কৰা হয় এই দিৱস ৷

ওদালগুৰিত পালন এনডিএফবিৰ শ্বহীদ দিৱস

এই অনুষ্ঠানৰ জৰিয়তে সকলো এনডিএফবিৰ সদস্যক ৬,০০০ টকাকৈ মাহিলী ভাট্টা প্ৰদান কৰাৰ লগতে প্ৰাক্তন এনডিএফবিৰ সদস্যসকলক অতি শীঘ্ৰে পুনৰ সংস্থাপন দিয়াৰ দাবী জনাই সংগঠনটোৰ সদস্য সকলে ৷

অন্য এক খবৰৰ বাবে: ক’ৰণাই অমানিশা নমাই আনিছে বৰপেটাৰ মৃৎ শিল্পীসকললৈ

সদস্যসকলৰ মন্তব্য অনুসৰি, বৰ্তমানেও এই সংগঠনৰ বহু সদস্য কাৰাবাসতে আবদ্ধ হৈ আছে ৷ সংগঠনৰ সকলো সদস্যই সাধাৰণ ভাৱে জীয়াই থাকিব বিচাৰে ৷ চৰকাৰে এই ক্ষেত্ৰত সহায় কৰা উচিত ৷

আনহাতে,এনডিএফবিৰ শ্বহীদ পৰিয়ালক ক্ষতি পূৰণ দিয়াৰ আহ্বান জনাই সংগঠনটোৰ সদস্য সকলে ৷ 36 বছৰীয়া সংগ্ৰামত শ্বহীদ হোৱা সদস্য সকলৰ পৰিয়ালৰ বাবে চৰকাৰ আগবাঢ়ি আহিব লাগে আৰু পৰিয়ালকেইটাক সহায় কৰিব লাগে বুলি অনুষ্ঠানত উল্লেখ কৰে সংগঠনৰ সদস্য সকলে ৷ এই শ্বহীদ পৰিয়ালকেইটাক 5লাখ টকাকৈ আৰ্থিক সাহাস্য প্ৰদানৰ দাবী জনাই সদস্য সকলে ৷

ABOUT THE AUTHOR

...view details