ওদালগুৰি, 30 আগষ্ট : ৰাজ্যত অব্যাহত আছে হাতী মানুহৰ সংঘাত ৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰি বনৰীয়া হাতীয়ে ত্ৰাস চলোৱা পৰিলক্ষিত হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৷ ইয়াৰোপৰি, ক্ৰমাগতভাৱে ৰাজ্যত বৃদ্ধি হৈ অহা হস্তী-মানুহৰ সংঘাত ৰোধৰ বাবে বনবিভাগে কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷
বন্যহস্তীয়ে কেৱল ঘৰ-দুৱাৰ ভগাই নহয়, বহু সংখ্যক নিৰীহ লোক হাতীৰ আক্ৰমণত মৃত্যু মুখত পৰিছে ৷ কিন্তু ইয়াৰ পিছতো তৎপৰতাৰে এই গুৰুতৰ সমস্যাটো সমাধানৰ ক্ষেত্ৰত ফলপ্ৰসূ কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৰাজ্যৰ বন বিভাগে ৷
ইয়াৰ মাজতে দৰং জিলাৰ ওদালগুৰিত কৰুণ ঘটনা সংঘটিত হৈছে ৷ অসম-অৰুণাচল সীমান্তৰ মাজবাট থানাৰ অন্তৰ্গত সোণালীপাৰাত বন্যহস্তীৰ আক্ৰমণত নিহত হয় এটা দম্পতী ৷ নিহত দম্পতীটো ক্ৰমে সোমেশ্বৰ গয়াৰী(৭৭) আৰু বুই গয়াৰী(৬৭) বুলি জানিব পৰা গৈছে ।