অসম

assam

ETV Bharat / state

ওদালগুৰিৰ চাৰিলোকৰ শৰীৰত কৰ’ণা ভাইৰাছৰ উপস্থিতি শূন্য - ওদালগুৰি জিলা প্ৰশাসন

বুধবাৰে এক প্ৰেছ বিবৃত্তি যোগে ওদালগুৰি জিলা প্ৰশাসনে দিল্লীৰ তবলিক ই জামাতত জিলাখনৰ ৩ জন লোকে অংশ লোৱাৰ কথা প্ৰকাশ কৰে ৷ জিলা প্ৰশাসনে জনোৱা অনুসৰি তবলিক ই জামাতত অংশ লোৱা জিলাখনৰ তিনিজনকৈ লোক বৰ্তমান দিল্লীতে আছে ।

Covid 19
Covid 19

By

Published : Apr 2, 2020, 12:12 PM IST

Updated : Apr 2, 2020, 6:44 PM IST

ওদালগুৰি,2 এপ্ৰিলঃ কিছুদিন পূৰ্বে ওদালগুৰি জিলাৰ ৩ জন লোকে অংশ লৈছিল দিল্লীৰ তবলিক ই জামাতত । বুধবাৰে এক প্ৰেছ বিবৃত্তি যোগে এই কথা সদৰি কৰে ওদালগুৰি জিলা প্ৰশাসনে । অৱশ্যে এই তিনিজন লোক বৰ্তমান ওদালগুৰি জিলাত উপস্থিত হোৱা নাই বুলি জিলা প্ৰশাসনে জানিব দিয়ে । জিলা প্ৰশাসনে জনোৱা অনুসৰি তবলিক ই জামাতত অংশ লোৱা জিলাখনৰ তিনিজনকৈ লোক বৰ্তমান দিল্লীতে আছে । আনহাতে নিজামুদ্দিনৰ আশে-পাশে থকা ওদালগুৰি জিলাখনৰ মুঠ ৪ জন ব্যক্তিক বুধবাৰৰ পৰা আছুতীয়াকৈ ৰখাৰ লগতে বুধবাৰে লোক কেইজনক পৰীক্ষা কৰাত ৪ জনৰে গাত কৰ’ণাৰ সংক্ৰমণ ধৰা পৰা নাই বুলি ওদালগুৰি জিলা প্ৰশাসনে জানিব দিয়ে ।

উল্লেখ্য যে,মঙলবাৰে ৰৌতা আৰক্ষীয়ে নিজামুদ্দিনৰ পৰা অহা ৩ জনকৈ লোকক ধনশ্ৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কোৱাৰেণ্টাইন কৰাৰ লগতে হৰিশিঙা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কোৱাৰেণ্টাইন কৰা হৈছিল আন এজন লোকক । যোৱা নিশা লোক কেইজনৰ পৰীক্ষাৰ বাবে নমুনা প্ৰেৰণ কৰা হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত । অৱশেষত ৪ জন ব্যক্তিৰে গাত কৰ'ণাৰ সংক্ৰমণ ধৰা নপৰাত স্বস্তিৰ শ্বাস লৈছে ওদালগুৰি জিলাবাসীয়ে ।

লগতে চাওকঃস্বাস্থ্যজনিত অসুস্থতাত ভুগিছে অখিল গগৈ

Last Updated : Apr 2, 2020, 6:44 PM IST

ABOUT THE AUTHOR

...view details