অসম

assam

By

Published : Mar 19, 2020, 6:22 PM IST

Updated : Mar 19, 2020, 8:35 PM IST

ETV Bharat / state

কৰ'ণা আতংকঃ কি হ'ব বিটিচি নিৰ্বাচন?

কৰ'ণাৰ সন্ত্ৰাসে ছানি ধৰিছে সমগ্ৰ বিশ্ব ৷ সাম্প্ৰতিক সংকট কালৰ মূহুৰ্তত বিটিচিত চলি থকা ৰাজনৈতিক কুচ-কাৱাজৰ প্ৰতি যেন উদাসীন হৈছে চৰকাৰ ৷ এই ক্ষেত্ৰত ভিন্ন মন্তব্য প্ৰকাশ কৰিলে ওদালগুৰি, কোকৰাঝাৰ আৰু চিৰাঙৰ উপায়ুক্তৰ লগতে ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে ৷

কি হ'ব বিটিচি নিৰ্বাচন?
কি হ'ব বিটিচি নিৰ্বাচন?

নিউজ ডেস্ক, 19 মাৰ্চঃসন্মুখত বিটিচি নিৰ্বাচন ৷ ইতিমধ্যে কৰ'ণাৰ সন্ত্ৰাসে ছানি ধৰিছে সমগ্ৰ বিশ্ব ৷ কৰ'ণা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে সতৰ্কতা আৰু সজাগতামূলক ব্যৱস্থা ৷ জাৰি কৰিছে বিভিন্ন ধৰণৰ নিষেধাজ্ঞা ৷ নিতৌ ৰাজ্য চৰকাৰে বিভিন্ন প্ৰচাৰ মাধ্যমযোগে জণসাধাৰনক সজাগ কৰাৰ বাবে চলাইছে বিভিন্ন প্ৰচাৰ অভিযান ৷ কিন্তু প্ৰশ্ন হৈছে ,যিটো সময়ত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে কৰ'ণাৰ সন্ত্ৰাসৰ বিৰুদ্ধে যুঁজ দি আহিছে সেই সময়ত সকলো নিষেধাজ্ঞা তথা সতৰ্কতামূলক জাননীক আওকাণ কৰি বিটিচি এলেকাত পূৰ্ণ ৰূপত চলি আছে ৰাজনৈতিক কুচ-কাৱাজ তথা প্ৰচাৰ অভিযান ৷ ভাৰতবৰ্ষত ইতিমধ্যে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা 150 জনৰো অধিক হৈছে ৷ দেশৰ ভিন্ন প্ৰান্তত ইতিমধ্যে জণসমাগম প্ৰতিৰোধৰ বাবে জাৰি কৰা হৈছে 144 ধাৰা ৷ সাম্প্ৰতিক সংকট কালৰ মূহুৰ্তত বিটিচিত চলি থকা ৰাজনৈতিক কুচ-কাৱাজৰ প্ৰতি যেন উদাসীন হৈছে চৰকাৰ ৷ ইটিভি ভাৰতে কৰ'ণাৰ আতংকতৰ সময়তে বিটিচিৰ চাৰিওখন জিলাৰ প্ৰাশাসনিক মূৰব্বী সকলৰ ওচৰ চাপিছিল এই সম্পৰ্কীয় ব্যৱস্থা সমূহৰ বিষয়ে জানিবলৈ ৷ এই বিষয়ত তেওঁলোকে কি কয় চাওক আমাৰ এই প্ৰতিবেদনঃ

ওদালগুৰিঃ

কৰ'ণাৰ আতংক আৰু বিটিচি নিৰ্বাচন সম্পৰ্কে মন্তব্য ওদালগুৰিৰ উপায়ুক্তৰ

কোকৰাঝাৰঃ

বিটিচি নিৰ্বাচন সম্পৰ্কে মন্তব্য কোকৰাঝাৰৰ উপায়ুক্তৰ

কাজলগাঁওঃ

ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী

চিৰাংঃ

চিৰাঙৰ উপায়ুক্ত গৌতম তালুকদাৰ

পিছুৱাব পাৰে নেকি বিটিচি নিৰ্বাচন?

ইটিভি ভাৰতৰ সৈতে হোৱা এক টেলিফ'নিক সাক্ষাৎকাৰযোগে কৰ'ণা ভাইৰাছ আৰু বিটিচি নিৰ্বাচন সম্পৰ্কত মন্তব্য প্ৰকাশ কৰিলে কেবিনেট মন্ত্ৰী ৰঞ্জিৎ দত্তই ৷ মন্ত্ৰী দত্তই কয় যে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে হয়তো এই ক্ষেত্ৰত কোনো এক সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে জৰুৰী কেবিনেটৰ অনুমোদন সাপেক্ষে ৷ অৱশ্যে বিটিচিৰ নিৰ্বাচনী প্ৰক্ৰিয়া যিহেতু ১০ এপ্ৰিলৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব, গতিকে এই ক্ষেত্ৰত নিৰ্বাচন আয়োগৰ ভূমিকাও গুৰুত্বপূৰ্ণ হ'ব ।

লগতে পঢ়কঃবি টি চিৰ পৰিষদীয় নিৰ্বাচনত কংগ্ৰেছ হ'ব কিং মেকাৰ !

Last Updated : Mar 19, 2020, 8:35 PM IST

ABOUT THE AUTHOR

...view details