অসম

assam

ETV Bharat / state

সত্ৰীয়া সংস্কৃতিৰ আজীৱন সাধক হৰেকৃষ্ণ মহন্তলৈ 2018 বৰ্ষৰ কালিচৰণ ব্ৰহ্ম বঁটা - সাংস্কৃতিক সঞ্চালকালয়

ওদালগুৰিত উপস্থিত হৈ বৰঙাজুলী সত্ৰৰ সত্ৰাধিকাৰ তথা সত্ৰীয়া সংস্কৃতিৰ সাধক হৰেকৃষ্ণ মহন্তক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰদান কৰে কালিচৰণ ব্ৰহ্ম বঁটা ৷ ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত ওদালগুৰি জিলা প্ৰশাসনৰ সহযোগত ৰাজ্য চৰকাৰে প্ৰদান কৰে এই বঁটা ৷

হৰেকৃষ্ণ মহন্তলৈ কালিচৰণ ব্ৰহ্ম বঁটা

By

Published : Jul 2, 2019, 9:35 PM IST

ওদালগুৰি, 2 জুলাইঃ ওদালগুৰিত উপস্থিত হৈ কালিচৰণ ব্ৰহ্ম বঁটা প্ৰদান কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট সাধক তথা বৰঙাজুলী সত্ৰৰ সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্তক এই বঁটা প্ৰদান কৰে ৰাজ্য চৰকাৰে ৷

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত তথা ওদালগুৰি জিলা প্ৰশাসনৰ সহযোগত জিলাৰ উপায়ুক্ত কাৰ্যালয় পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত হয় বঁটা বিতৰণী সভা ৷ সভাত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰী, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱকুুমাৰ দলে, বড়োলেণ্ড স্বায়ত্ত্ব শাসিত পৰিষদৰ কেবাগৰাকীও পাৰিষদ, কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী, ব্ৰহ্মধৰ্মৰ মুখ্য প্ৰচাৰক যোগেশ্বৰ দৈমাৰী, বিধায়ক ক্ৰমে কমলী বসুমতাৰী, থানেশ্বৰ বসুমতাৰী, গনেশ লিম্বু আৰু চৰণ বড়োকে ধৰি বহু গণ্য-মান্য ব্যক্তি ৷

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সৰ্বানন্দ সোণোৱালে সত্ৰাধিকাৰ জনক কালিচৰণ ব্ৰহ্ম বঁটা প্ৰদান কৰে । বঁটাত থাকে নগদ ৩ লাখ টকা, এখন মানপত্ৰ, শৰাই আৰু অংগ বস্ত্ৰ । বঁটা প্ৰদান কৰি সৰ্বানন্দ সোণোৱালে সত্ৰীয়া সংস্কৃতিৰ বাৰ্তাবাহক তথা বিভিন্ন জনগোষ্ঠীৰ মাজত সমন্বয়ৰ ধ্বজাবাহক হৰেকৃষ্ণ মহন্তৰ দৰে ব্যক্তি অসহিষ্ণু সাম্প্ৰতিক সময়ৰ বাবে অতিকৈ প্ৰয়োজন বুলি মন্তব্য কৰে । জীৱনত শান্তি লাভ কৰিবলৈ মানুহৰ মংগলৰ বাবে কাম কৰাৰ বাবে আহ্বান জনাই মুখ্যমন্ত্ৰী সোনোৱালে কৰ্ম সংস্কৃতিৰে অসমখনক দেশৰ ভিতৰত সমৃদ্ধিশালী ৰাজ্যৰূপে গঢ়ি তোলাৰ বাবে ৰাইজক আহ্বান জনায় ৷ একেটা অনুষ্ঠানতে নিজ নিজ ক্ষেত্ৰৰ পৰা সমাজলৈ অতুলনীয় বৰঙনি আগবঢ়োৱা জিলাখনৰ শিশিৰ কুমাৰ চুনী, সুৰেন্দ্ৰনাথ বাৰ্মা, চন্দ্ৰকান্ত বসুমতাৰী, ৰতন বড়ো, ৰবিৰাম ব্ৰহ্ম, মথুৰা বসুমতাৰী, বাৰল্মফা নাৰ্জাৰী, ড° দৈহাশ্ৰী বসুমতাৰীক অসম চৰকাৰৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় ৷

উল্লেখ যে ২০১৮ বৰ্ষৰ কালিচৰণ ব্ৰহ্ম বঁটা প্ৰাপক হৰেকৃষ্ণ মহন্তই ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ অতি ভিতৰুৱা অঞ্চলটোৰ বড়ো, ৰাভা, কোছ-ৰাজবংশী, আদিবাসী আদিকে ধৰি বিভিন্ন জাতি জনগোষ্ঠীৰ লোকক একত্ৰিত জীৱন কালত এতিয়ালৈ প্ৰতিষ্ঠা কৰিছে ৩৩ খনকৈ সত্ৰ । প্ৰায় ১৩ বিঘা ভূমিত থকা বৰঙাজুলি সত্ৰখন জনজাতীয় লোক সকলে পৰিচালনা কৰাৰ লগতে মহিলাৰ প্ৰৱেশৰ ক্ষেত্ৰতো কোনো বাধা নাই । নিজ কৰ্মৰাজীৰে জনজাতি অধ্যষুিত অঞ্চলটোত মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ আৰু মাধৱদেৱৰ আদৰ্শ বিলাই দিয়া স্বনামধন্য সত্ৰাধিকাৰ জনক ৰাজ্য চৰকাৰে কালিচৰণ ব্ৰহ্ম বঁটা প্ৰদান কৰাৰ বাবে আনন্দিত হৈ পৰিছে জিলাবাসী ।

হৰেকৃষ্ণ মহন্তলৈ কালিচৰণ ব্ৰহ্ম বঁটা

ABOUT THE AUTHOR

...view details