অসম

assam

ETV Bharat / state

ওদালগুৰি থানাৰ ভিতৰতে দাউদাউকৈ জ্বলিল এখন গাড়ী ! - ওদালগুৰি থানা

ওদালগুৰি সদৰ আৰক্ষী থানাৰ চৌহদত ৰহস্যজনক অগ্নিকাণ্ডৰ ঘটনা ৷ বুধবাৰে নিশা প্ৰায় 10 মান বজাত এখন বাহনত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা ৷ দাউদাউকৈ জ্বলিল পদুম ডেকা নামৰ এগৰাকী আৰক্ষী বিষয়াৰ ব্যক্তিগত বাহন ৷ ঘটনাস্থলীত উপস্থিত তিনিখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ৷

ওদালগুৰি থানাত দাউদাউকৈ জ্বলিল এখন গাড়ী

By

Published : Oct 24, 2019, 10:53 AM IST

ওদালগুৰি, 24 অক্টোবৰ:ওদালগুৰি সদৰ আৰক্ষী থানাৰ চৌহদত অগ্নিকাণ্ডৰ ঘটনা ৷ ৰহস্যজনক ভাৱে বুধবাৰ নিশা প্ৰায় 10 মান বজাত অগ্নিকাণ্ড সংঘটিত হয় এখন বাহনত ৷ দাউ দাউকৈ জ্বলিল পদুম ডেকা নামৰ এগৰাকী আৰক্ষী বিষয়াৰ ব্যক্তিগত বাহন ৷ পাৰিবাৰিক কণ্ডলৰ বাবেই আৰক্ষী বিষয়াজনে এনে কাণ্ড সংঘটিত কৰাৰ সন্দেহ একাংশৰ ৷ অগ্নিকাণ্ড সংঘটিত হোৱা এল্ট’ বাহনখনৰ নম্বৰ হৈছে AS-01AY-5494

ওদালগুৰি থানাত দাউদাউকৈ জ্বলিল এখন গাড়ী

পিছত ঘটনা সন্দৰ্ভত অগ্নি নিৰ্বাপন বাহিনীক খবৰ দিয়াত তিনিখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী থানাত উপস্থিত হৈ গাড়ীখনৰ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। এই অগ্নিকাণ্ডৰ ফলত আৰক্ষী জোৱান জনৰ গাড়ীখন সম্পূৰ্ণৰূপে ভষ্মীভূত হৈ যায়। আৰক্ষী থানাৰ ভিতৰতে সংঘটিত হোৱা ৰহস্যজনক অগ্নিকাণ্ডৰ ঘটনাই ওদালগুৰিত সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ ৷

ABOUT THE AUTHOR

...view details