অসম

assam

ETV Bharat / state

বৰ্তমানেও ৰাজ্যত অব্যাহত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ - বৰ্তমানেও প্ৰতিবাদমুখৰ ৰাজ্যৰ ভিন্ন প্ৰান্ত

ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতবাদ ৷ আছুসহ 30 টা সংগঠন, শিল্পী সমাজ আৰু সাধৰণ নাগৰিকে আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷

CAA
বৰ্তমানেও প্ৰতিবাদমুখৰ ৰাজ্যৰ ভিন্ন প্ৰান্ত

By

Published : Dec 26, 2019, 8:03 PM IST


নিউজ ডেস্ক, 26 ডিচেম্বৰঃ নাগতিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত অব্যাহত আছে প্ৰতিবাদ৷ বৃহস্পতিবাৰে আইনখনৰ বাতিলৰ দাবীত টংলা আঞ্চলিক ছাত্ৰ সন্থা সহ 30 জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বত ওদালগুৰিত অনুষ্ঠিত হয় বিশাল জনসমাবেশ ৷

সমাবেশত আছুৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈ, সভাপতি দিপাংক কুমাৰ নাথ, জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি ৰাণাপ্ৰতাপ বৰুৱা, শিল্পী জুবিন গাৰ্গ, মানস ৰবীন,বিপিন চাওদাং,মৌচম গগৈ, পবিত্ৰ ৰাভা প্ৰমুখ্যে বিভিন্ন জাতীয় দল সংগঠনৰ বিষয়ববীয়া সকলৰ লগতে বিভিন্ন অঞ্চলৰ পৰা অহা হাজাৰ হাজাৰ জনতাই অংশগ্ৰহণ কৰে।

বৰ্তমানেও প্ৰতিবাদমুখৰ ৰাজ্যৰ ভিন্ন প্ৰান্ত
আনহাতে, জনীয়াৰ চেনিমাৰিতো নাগতিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে লাংলা আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আহ্বানত অখিল গগৈৰ লগতে কাৰাৰুদ্ধ সকলোৰে মুক্তিৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে৷

ঠিক একেদৰে, আইনখনৰ বিৰুদ্ধে নগাঁৱৰ বাইপাছত গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে৷ সৰ্বানন্দ সোণোৱালক ৰামসিংহ আৰু হিমন্ত বিশ্ব শৰ্মাক অত্যাচাৰী ৰজা গৌৰীনাথ সিংহ আখ্যা জ্যেষ্ঠ সাংবাদিকৰ ।


গোলাঘাটতো বিভিন্ন জাতি জনগোষ্ঠীয় সংগঠনৰ সহযোগত বৃহস্পতিবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গণ সমাবেশ । লগতে কলগাছিয়াতো কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত নাগতিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন ।

তাৰোপৰি টিংখাঙত নিতৌ তীব্ৰতৰ ৰূপ ধাৰণ কৰিছে নাগতিকত্ব সংশোধনী আইনৰ বিৰোধী আন্দোলনে ৷ বৃহস্পতিবাৰে গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা অহা কেইবাগৰাকীও ছাত্ৰ ছাত্ৰী নিৰ্বাচিত বক্তাৰ চৰকাৰ বিৰোধী ভাষণে টিংখাঙৰ আকাশ বতাহ কঁপাই তোলে ।

ABOUT THE AUTHOR

...view details