ওদালগুৰি, 18 ফেব্ৰুৱাৰীঃ বিটিচি নিৰ্বাচনৰ বাবে একপ্ৰকাৰৰ সাজু হৈ উঠিছে ৰাজ্যৰ ৰাজনৈতিক দলসমূহ ৷ বিটিচিত নিজৰ বিজয় ধ্বজা অক্ষুন্ন ৰাখিবলৈ বিটিচিৰ শাসকীয় দল বিপিএফে ইতিমধ্যেই নিৰ্বাচনী ৰণডংকা বজাইছে ৷ বিপিএফৰ সমান্তৰালকৈ বিজেপিয়েও আৰম্ভ কৰিছে নিৰ্বাচনী কুছকাৱাজ ৷ বিটিচি পৰিষদৰ 40 টা সমষ্টিত বিশেষ সাংগঠনিক সভাৰ আয়োজন কৰিছে বিজেপিয়ে ৷ অহা 24 ফেব্ৰুৱাৰীলৈ চলিব লগা এই সমূহৰ জৰিয়তে বিটিচিত একপ্ৰকাৰ নিজৰ অস্তিত্ব দৃঢ় কৰাৰ বাবে আগবাঢ়িছে বিজেপি ৷
বুধবাৰে ওদালগুৰিৰ কবিৰালিত বিজেপিয়ে আয়োজন কৰা সাংগঠনিক সভাত উপস্থিত থাকে সাংসদ দিলীপ শইকীয়া ৷ ইয়াৰ পিছতেই তেখেতে ওদালগুৰি জিলা বিজেপিৰ কাৰ্য়ালয়ত বিজেপি কৰ্মকৰ্তা সকলৰ সৈতে নিৰ্বাচন সন্দৰ্ভত আলোচনাত মিলিত হয় ৷ আলোচনাৰ অন্তত সাংবাদিকৰ আগত সাংসদ গৰাকীয়ে বিটিচিৰ ৪০ টা সমষ্টিতে প্ৰাৰ্থীত্ব দিয়াটো বিজেপিৰ কৰ্মকৰ্তা সকলে বিচাৰিছে বুলি জানিব দিয়ে ।