ওদালগুৰি,9 জুনঃওদালগুৰি জিলাৰ মাজবাটত অঘটন। মাজবাটৰ ফুলুগুৰীত পাগলাদিয়া নদীৰ ওপৰত থকা এখন দুৰ্বল কাঠৰ দলং ভাঙি নদীৰ মাজত পৰিল এখন ট্ৰেক্টৰ। কাঠৰ দলং খনেৰে পাৰ হবলৈ লওতেই দলং ভাঙি ট্ৰেক্টৰখন পাগলাদিয়া নদীৰ বুকুত পৰে । এই দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত হয় ট্ৰেক্টৰ খনৰ চালক মথাই বসুমতাৰী । পিছত চালকজনক উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা হয়।
ওদালগুৰিৰ মাজবাটত দলং ভাঙি নদীত পৰিল ট্ৰেক্টৰ - bridge broke
মঙলবাৰে এক অঘটন সংঘটিত হ'ল ওদালগুৰি জিলাৰ মাজবাটৰ ফুলুগুৰীত । কাঠৰ দলং ভাঙি পাগলাদিয়া নদীৰ বুকুত পৰিল ট্ৰেক্টৰ। গুৰুতৰ ভাৱে আহত ট্ৰেক্টৰ চালক ।
উল্লেখযোগ্য যে,বিটিচিৰ ৩৯নং পাচনৈ চেৰফাং সমষ্টিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য শ্যাম চুণ্ডীৰ বাসগৃহলৈ যোৱা পথত সংঘটিত হয় এই দুৰ্ঘটনাটো । এই পথটো বহু কেইখন গাঁৱৰ লোকৰ একমাত্ৰ যোগাযোগকাৰী পথ । নদীখনৰ ওপৰত পকী দলং আৱন্টন হোৱাৰ পাছতো নিৰ্মাণৰ কাম লেহেমীয়া হোৱাৰ অভিযোগ ৷ ইফালে অস্থায়ী এই কাঠৰ দলং ক্ৰমাৎ দুৰ্বল হৈ পৰাৰ ফলতেই দলংখন ভাঙি পৰাৰ অভিযোগ ৰাইজৰ। এই ক্ষেত্ৰত বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য শ্যাম চুণ্ডীয়েই নিজৰ বাসগৃহলৈ যোৱা এই পথটোৰ ওপৰত থকা দলংখনৰ ওপৰত কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৰাইজৰ । এই কাঠৰ দলং খন এতিয়া ভাঙি পৰাৰ ফলত বহু কেইখন গাঁৱৰ লোক যে যাতায়তৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'ব সেয়া নিশ্চিত ।
লগতে পঢ়কঃবাঘজান বিস্ফোৰণ নিয়ন্ত্ৰণলৈ আনিবলৈ বায়ুসেনাৰ সহায় বিচাৰিলে মুখ্যমন্ত্ৰীয়ে