ওদালগুৰি, 25 ছেপ্টেম্বৰ :সন্মুখত লোকসভা নিৰ্বাচন ৷ নিৰ্বাচনলৈ এখোজ-দুখোজকৈ সাজু হৈছে শাসক-বিৰোধী ৷ ৰাজনৈতিক দলসমূহে তৃণমূল পৰ্যায়ত দলীয় শক্তি বৃদ্ধি কৰাত নামি পৰিছে ৷ আৰম্ভ হৈছে দল সলনি আৰু যোগদানৰ ৰাজনীতি ৷ সোমবাৰে ওদালগুৰি জিলাৰ টংলাস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ স্মৃতি ভৱন প্ৰাংগণত অনুষ্ঠিত হয় বিপিএফৰ এক সভা ৷
খালিংদুৱাৰ ব্লক বিপিএফ দলৰ উদ্যোগত অনুষ্ঠিত হয় এই সভা ৷ উক্ত সভাত উপস্থিত থাকে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰী ৷ টংলাত খালিংদুৱাৰ ব্লক বিপিএফে আয়োজন কৰা সভাতে বিপিএফত যোগদান কৰে প্ৰায় 1700 লোকে ৷ বিপিএফত যোগদান কৰা 1700 লোকৰ ভিতৰত বিজেপি, ইউপিপিএল দলৰো সদস্য বুলি জানিবলৈ দিছে বিপিএফ নেতা হাগ্ৰামা মহিলাৰীয়ে ৷
এই সন্দৰ্ভত মহিলাৰীয় কয়, ‘‘শেহতীয়াকৈ বিটিচি পৰিষদীয় শাসক ইউপিপিএল দলৰ লগতে বিজেপিৰ নেতা-কৰ্মীসকলে নিজৰ দলৰ প্ৰতি মোহ ভংগ হৈ বিপিএফ দললৈ ঢাপলি মেলিছে ৷ ইয়াৰ পৰাই বিপিএফ দলৰ জনপ্ৰিয়তা আৰু জনসাধাৰণৰ স্বাৰ্থত সেৱা আগবঢ়াব পৰা দল বুলি ৰাইজে আঁকোৱালি লোৱাটোৱে প্ৰমাণ কৰিছে ৷’’