ওদালগুৰি, 14 মাৰ্চ :4 এপ্ৰিলত অনুষ্ঠিত হ'বলগা বিটিচি নিৰ্বাচনৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিলে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলে ৷ শনিবাৰে ওদালগুৰিত অনুষ্ঠিত যুৱ বিপিএফ সমাৱেশত 13 টাকৈ সমষ্টিৰ বিপিএফ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে মহিলাৰীয়ে ৷
বিটিচি নিৰ্বাচন : প্ৰাৰ্থীৰ তালিকাত চাওৰাইগৌৰা - প্ৰাৰ্থীৰ তালিকাত চাওৰাইগ্ৰাৰ নাম
বিটিচি নিৰ্বাচনলৈ বিপিএফৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা ৷ স্থান লাভ কৰিলে বি. চাওৰাইগৌৰাই ৷
![বিটিচি নিৰ্বাচন : প্ৰাৰ্থীৰ তালিকাত চাওৰাইগৌৰা বিটিচি নিৰ্বাচন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6407455-thumbnail-3x2-bp-2.jpeg)
এই তালিকাত অন্তৰ্ভূক্ত কৰা হৈছে এনডিএফবি (এছ) ৰ প্ৰাক্তন সভাপতি বি. চাওৰাইগৌৰাৰ নাম ৷ চিৰাং সমষ্টিৰ পৰা বিপিএফ দলৰ প্ৰাৰ্থী হ'ব চাওৰাইগৌৰা ৷ আনহাতে, ভৈৰৱকুণ্ড সমষ্টিত ৰিপেন দৈমাৰী, ৰৌতা সমষ্টিত খগেন মোছাহাৰী, দিহিৰা সমষ্টিত ৰাজু বৰাল, গুইবাৰী সমষ্টিত চান্দি বসুমতাৰী, শালবাৰী সমষ্টিত জয় বসুমতাৰী, মঠানগুৰিত আখতাৰা আহমেদ, চৌবাইঝাৰ সমষ্টিত প্ৰভাত বসুমতাৰী, চিৰাঙৰ নিছিমা সমষ্টিত জেমছ মোছাহাৰী, কাজলগাঁও সমষ্টিত পানীৰাম ব্ৰহ্ম, চালাকাটি সমষ্টিত দেৰহাচাৎ বসুমতাৰী, দতমা সমষ্টিত প্ৰকাশ বসুমতাৰী আৰু শ্ৰীৰামপুৰ সমষ্টিত আব্দুল খালেক মণ্ডলৰ নাম ঘোষণা কৰে হাগ্ৰামা মহিলাৰীয়ে ৷
আৰু পঢ়ক :বিদেশ ভ্ৰমণৰ বাৰ্তা গোপন কৰি বিপাঙত পৰিল চিকিৎসক দম্পতী