অসম

assam

ETV Bharat / state

ফাৰ্মাচীত থাকি পঢ়া খৰছ উলিওৱা ৰৌতাৰ অৰূপ উত্তীৰ্ণ হ'ল প্রথম বিভাগত - দৰিদ্ৰ

অত্যন্ত দৰিদ্ৰ ঘৰৰ সন্তান অৰূপ ৰূদ্ৰৰ পিতৃ অনুপ ৰুদ্ৰই দিন হাজিৰ কৰি কোনো মতে চলাই আছে ঘৰখন ৷ নিজৰ মাটি,ভেঁটি পৰ্যন্ত নাই দৰিদ্ৰ পৰিয়ালটোৰ ৷ লগতে পৰিয়ালটোৰ সম্পত্তি বুলি ক'বলৈয়ো একো নাই। ৰাইজৰ মাটিত ঘৰ সাজি বাস কৰি আছে পৰিয়ালটো ৷ অন্য সা-সুবিধাটো বহু দূৰৰ কথা,মেধাৱী ছাত্ৰ অৰূপৰ পঢ়িবলৈ নাই এখন টেবুলো।টেবুল নথকাত বিচনাতে লিখা পঢ়া কৰিছিল অৰূপে।

Boy pass HSLC exam with flying colours
ফাৰ্মাচীত থাকি পঢ়া খৰছ উলিওৱা ৰৌতাৰ অৰূপে পালে প্রথম স্থান

By

Published : Jun 10, 2020, 11:06 PM IST

Updated : Jun 10, 2020, 11:39 PM IST

ওদালগুৰি,10 জুনঃ ঘোষণা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল৷ কিন্তু তাৰ মাজতে ফলাফলত যেন বোকাত ফুলিচে পদুম ৷ তেনে এক দৃশ্য দেখা পোৱা গ'ল ওদালগুৰি জিলাতো ৷ সদ্য ঘোষিত হাই স্কুল শিক্ষান্ত পৰীক্ষাত ৰৌতাৰ দণ্ড চহৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা এটা বিষয়ত লেটাৰ নম্বৰ সহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিলে ওদালগুৰি জিলাৰ ৰৌতাৰ দৰিদ্ৰ পৰিয়ালৰ সন্তান অৰূপ ৰূদ্ৰ নামৰ ছাত্ৰজনে ৷ অত্যন্ত দৰিদ্ৰ ঘৰৰ সন্তান অৰূপ ৰূদ্ৰৰ পিতৃ অনুপ ৰুদ্ৰই দিন হাজিৰ কৰি কোনো মতে চলাই আছে ঘৰখন ৷ নিজৰ মাটি,ভেঁটি পৰ্যন্ত নাই দৰিদ্ৰ পৰিয়ালটোৰ ৷ লগতে পৰিয়ালটোৰ সম্পত্তি বুলি ক'বলৈয়ো একো নাই। ৰাইজৰ মাটিত ঘৰ সাজি বাস কৰি আছে পৰিয়ালটো ৷ অন্য সা-সুবিধাটো বহু দূৰৰ কথা,মেধাৱী ছাত্ৰ অৰূপৰ পঢ়িবলৈ নাই এখন টেবুলো । টেবুল নথকাত বিচনাতে লিখা পঢ়া কৰিছিল অৰূপে। পঢ়া খৰছ উলিয়াবলৈ স্কুল ছুটিৰ পিছত ৰৌতাৰ নিৰাময় মেডিকেল ফাৰ্মাচী নামৰ ফাৰ্মাচী খনত যোৱা এবছৰে পাৰ্ট টাইম কাম কৰিছিল ছাত্ৰ জনে। কিন্তু ইয়াৰ পাছতো নানা ঘাট প্ৰতিঘাটৰ মাজেৰে সাফল্য কঢ়িয়াই আনিছে অৰূপে। এই মেধাৱী ছাত্ৰ গৰাকীক পৰৱৰ্তী সময়ত আগবাঢ়ি যাবৰ বাবে সহায় কৰিবলৈ আগবাঢ়ি আহিবনে চৰকাৰ,প্ৰশাসন তথা কোনো সহৃদয়বান লোক ? সেইয়া লক্ষণীয় হ'ব ৷

ফাৰ্মাচীত থাকি পঢ়া খৰছ উলিওৱা ৰৌতাৰ অৰূপ উত্তীৰ্ণ হ'ল প্রথম বিভাগত
Last Updated : Jun 10, 2020, 11:39 PM IST

ABOUT THE AUTHOR

...view details