অসম

assam

By

Published : Mar 14, 2022, 9:55 PM IST

ETV Bharat / state

Tamulpur Bomb Blast : তামুলপুৰত সংঘটিত বোমা বিস্ফোৰণ

তামুলপুৰত বোমা বিস্ফোৰণ (Bomb Blast in Tamulpur)। ১ নং পাহাৰপুৰত সংঘটিত হয় এই ঘটনা । অনন্ত ৰামচিয়াৰী নামৰ এজন লোকৰ ঘৰত সংঘটিত এই বিস্ফোৰণ ৷

bomb-blast-in-tamulpur
তামুলপুৰত সংঘটিত বোমা বিস্ফোৰণ

তামুলপুৰ, 14 মাৰ্চ :তামুলপুৰত সংঘটিত বোমা বিস্ফোৰণ । ১ নং পাহাৰপুৰত সংঘটিত হয় এই ঘটনা ৷ উল্লেখ্য যে, তামুলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৰ ১ নং পাহাৰপুৰত সোমবাৰে ভাৰতীয় সেনাৰ ২২২ ৰেজিমেণ্টৰ আৰ্টিলাৰী গোটৰ তত্বাৱধানত পাঞ্জাৱ ৰেজিমেন্টৰ সেনাৰ অস্ত্ৰ শস্ত্ৰৰ প্ৰশিক্ষণৰ সময়তে সংঘটিত হয় বোমা বিস্ফোৰণ(222 Punjab Regiment of the Indian Army) ৷

তামুলপুৰত সংঘটিত বোমা বিস্ফোৰণ

জানিব পৰা মতে, অনন্ত ৰামচিয়াৰী নামৰ এজন লোকৰ ঘৰৰ চালত এটি ১০৫ এম এম স্মক বোমা (105 mm smoke bomb) পৰাৰ ফলত বিস্ফোৰিত হয় ৷ যি বিস্ফোৰণত কথমপি প্ৰাণ ৰক্ষা পৰে অনন্ত ৰামচিয়াৰীৰ পাঁচজনীয়া পৰিয়ালটো ৷

উল্লেখযোগ্য যে, বিগত ৩ ফেব্ৰুৱাৰীত সেনাৰ প্ৰশিক্ষণৰ সময়ত সংঘটিত হোৱা বোমা বিস্ফোৰণত এটি পকীঘৰ সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰে ৷ উল্লেখ্য যে, সেনাৰ অস্ত্ৰ প্ৰশিক্ষণৰ সময়ত এই অঞ্চলটোত বহু লোকৰ বাসগৃহৰ লগতে বহু সময়ত জনসাধাৰণৰো ক্ষতি কৰি আহিছে । কিন্তু কোনে কি কাৰণত এই ঘটনা সংঘটিত কৰিলে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত ৷

লগতে পঢ়ক :ৰৌতাত ভূমি বিবাদক কেন্দ্ৰ কৰি ভয়ংকৰ সংঘাত

ABOUT THE AUTHOR

...view details