অসম

assam

ETV Bharat / state

উদ্ধাৰ হ'ল কৌশিক শৰ্মাৰ মৃতদেহ - ভৈৰৱকুণ্ড

অৱশেষত মঙলবাৰে জিলা খনৰে মাজবাট থানাৰ অন্তৰ্গত লালপানীৰ ননৈ নদীত উদ্ধাৰ হয় কৌশিকৰ মৃতদেহ । পুৱাৰ ভাগতে স্থানীয় লোকে মৃতদেহটো নদীখনত দেখে যদিও অঞ্চলটো দূৰ্গম হোৱা বাবে আৰক্ষীয়ে আবেলি ভাগতহে উদ্ধাৰ কৰিব সক্ষম হয় কৌশিকৰ মৃতদেহ।

DEADBODY RESCUE

By

Published : Jul 16, 2019, 5:58 PM IST

ওদালগুৰি ,16 জুলাই: অৱশেষত উদ্ধাৰ হ'ল ধনশ্ৰী নদীত উটি যোৱা ওদালগুৰিৰ পুস্পনগৰৰ কৌশিক শৰ্মাৰ মৃতদেহ ৷মাজবাটৰ ননৈ নদীৰ পৰা উদ্ধাৰ কৰা হয় কৌশিক শৰ্মাৰ মৃতদেহ ৷

কৌশিক শৰ্মা


উল্লেখ্য যে, সোমবাৰে দিনৰ 1 মান বজাত কৌশিকে আন 5 জন বন্ধুৰ সৈতে ভৈৰৱকুণ্ডলৈ ফুৰিবলৈ গৈছিল। ভৈৰৱকুণ্ডৰ অৰুণাচল প্ৰদেশৰ সীমাত থকা ধনশ্ৰী নদীত গা ধুবলৈ নামোতেই নদীৰ সোতে উটুৱাই নিয়ে কৌশিকক। সেই সময়ত কৌশিকৰ বন্ধু এজনে নদীত জাপ মাৰি কৌশিকক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে যদিও নদীৰ কোবাল সোতৰ ফলত কৌশিকক উদ্ধাৰ কৰাত ব্যৰ্থ হয় । পিছত ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াত অসম আৰু অৰুণাচলৰ এটা আৰক্ষী দল ঘটনাস্থলীত উপস্থিত হয় যদিও সোমবাৰে ঘটনাস্থলীত উপস্থিত নহ'ল এন ডি আৰ এফ বা এছ ডি আৰ এফৰ দল। আনহাতে মঙলবাৰে যুৱক জনক উদ্ধাৰৰ বাবে এটা এছ ডি আৰ এফ দল প্ৰেৰণ কৰা হৈছিল যদিও ধনশ্ৰী নদীত থকা শিলৰ বাবে উদ্ধাৰ অভিযান চলাব পৰা নাছিল দলটোৱে।অৱশেষত মঙলবাৰে জিলা খনৰে মাজবাট থানাৰ অন্তৰ্গত লালপানীৰ ননৈ নদীত উদ্ধাৰ হয় কৌশিকৰ মৃতদেহ । পুৱাৰ ভাগতে স্থানীয় লোকে মৃতদেহটো নদীখনত দেখে যদিও অঞ্চলটো দূৰ্গম হোৱা বাবে আৰক্ষীয়ে আবেলি ভাগতহে উদ্ধাৰ কৰিব সক্ষম হয় কৌশিকৰ মৃতদেহ।

ABOUT THE AUTHOR

...view details