অসম

assam

ETV Bharat / state

Bodoland Martyrs Trophy Football Tournament: ওৰাঙত বড়োলেণ্ড শ্বহীদ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ সামৰণি - বড়োলেণ্ড শ্বহীদ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ সামৰণি

ওৰাঙত ফুটবলৰ জ্বৰ ৷ ওৰাং আঞ্চলিক এবছুৰ উদ্যোগত বড়ো আন্দোলনত শ্বহীদ হোৱা ব্যক্তি সকলক সুঁৱৰি আয়োজন বড়োলেণ্ড শ্বহীদ ট্ৰফী ফুটবল প্ৰতিযোগিতাত থেলামৰা চিফুং দলে ২-১ গ’লত জয় লাভ কৰে ৷

Bodoland Martyrs Trophy Football Tournament
ওৰাঙত বড়োলেণ্ড শ্বহীদ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ সামৰণি

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 1:37 PM IST

ওৰাঙত বড়োলেণ্ড শ্বহীদ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ সামৰণি

ৰৌতা, ৯ অক্টোবৰ: দুভৰিৰ যাদুত মোহাচ্ছন্ন ওৰাঙৰ অওনাজুলী গ্ৰাম্য খেলপথাৰ ৷ ওৰাং আঞ্চলিক এবছুৰ উদ্যোগত বড়ো আন্দোলনত শ্বহীদ হোৱা ব্যক্তি সকলক সুঁৱৰি আওনাজুলি গ্ৰাম্য খেলপথাৰত আয়োজন কৰা হৈছিল এই ফুটবল প্ৰতিযোগিতাৰ ৷ এই ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলত অংশগ্ৰহণ কৰে মাজবাট আঞ্চলিক ক্ৰীড়া সন্থা আৰু থেলামৰা চিফুং দলে ৷

শ্বাসৰুদ্ধ খেলখনত থেলামৰা চিফুং দলে ২-১ গ’লত জয় লাভ কৰে ৷ এই খেলখন চাবলৈ লোকে লোকাৰণ্য হৈ পৰে ৷ এবছুৱে খেলৰ যোগেদি আমাৰ সমজখনৰ নৱ প্ৰজন্মক আগুৱাই নিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷খেলত মনোনিৱেশ কৰিলে বৰ্তমান সময়ত আমাৰ সমাজখনত সংঘটিত হৈ থকা বেআইনী কাৰ্যকলাপ যেনে ড্ৰাগছৰ প্ৰতি যুৱ প্ৰজন্ম আকৰ্ষিত হোৱা, মদৰ প্ৰতি আকৰ্ষিত হোৱা, ভাঙৰ প্ৰতি আকৰ্ষিত হোৱা আদি বিষয়বোৰৰ পৰা যুৱ প্ৰজন্মই আঁতৰি থাকিব পাৰিব বুলি মন্তব্য প্ৰদান কৰে এবছুৰ সভাপতি দ্বীপেন বড়োৱে ৷ লগতে বড়োৱে কয় যে, সামাজিক ব্যাধিবোৰৰ পৰা আঁতৰি থকাৰ বাবে খেলেই হ’ল এটা ভাল মাধ্যম ৷

ইফালে, বিটিএডিৰ ই এম নিলোৎ স্বৰ্গীয়াৰীয়ে মন্তব্য প্ৰদান কৰি কয় যে, বিটিআৰত খেলৰ প্ৰতি বিশেষ গুৰুত্ব দি পৰিৱৰ্তন অনাৰ চেষ্টা অব্যাহত ৰাখিছে প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল চৰকাৰে। ওদালগুৰি জিলাৰ ওৰাঙত ফুটবল খেল প্ৰতিযোগিতাৰ চূড়ান্ত খেলৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত হৈ যুৱ প্ৰজন্মৰ মাজত ইমান উৎসাহ দেখি আনন্দিত হৈ পৰে বিটিচিৰ ই এমগৰাকী ।

বড়ো আন্দোলনত শ্বহীদ হোৱা ব্যক্তিসকলক স্মৰণ কৰি এবছুৱে প্ৰতি বছৰেই প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰি আহিছে। বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় গঢ়াৰ লগতে বৃহত্তৰ ওৰাং, ৰৌতা, মাজবাট আদি অঞ্চলৰ যুৱ প্ৰজন্মক খেলৰ প্ৰতি ধাউতি বৃদ্ধিৰ উদ্দেশ্যে এবছুৱে প্ৰাইজমানি ফুটবল খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে বুলি উদ্যোক্তাই জানিবলৈ দিয়ে ।

লগতে পঢ়ক:Gold biscuit seized: গুৱাহাটী ৰে’ল ষ্টেচনত বৃহৎ পৰিমাণৰ সোণৰ বিস্কুট জব্দ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details