অসম

assam

ETV Bharat / state

ওদালগুৰিত বড়োলেণ্ড দাবী দিৱস - বাইক ৰেলী

অনুষ্ঠানৰ লগত সংগতি ৰাখি নিখিল বড়ো ছাত্ৰ সন্থাৰ বাইক ৰেলী

ওদালগুৰিত বড়োলেণ্ড দাবী দিৱস পালন

By

Published : Mar 2, 2019, 7:58 PM IST

ওদালগুৰি,১মাৰ্চ: শনিবাৰে ওদালগুৰি জিলাৰ টংলাত এবছুয়ে পালন কৰে বড়োলেণ্ড দাবী দিৱস । দাবী দিৱসৰ লগত সংগতি ৰাখি নিখিল বড়ো ছাত্ৰ সন্থাৰ ওদালগুৰি জিলা সমিতিয়ে এক বিশাল বাইক ৰেলীও উলিয়ায় । এবছু কৰ্মীসকলে বাইক ৰেলীত পৃথক বড়োলেণ্ডৰ দাবীৰ লগতে কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত বাস কৰা বড়োসকলক পাহাৰীয়া জনজাতিৰ মৰ্যাদা প্ৰদানৰো দাবী জনায় ।

ওদালগুৰিত বড়োলেণ্ড দাবী দিৱস পালন


এবছুৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি আনন্দ বড়োই বাইক ৰেলীত ভাগ লৈ হাগ্ৰামা মহিলাৰীক কটাক্ষ কৰি কয় যে মহিলাৰীয়ে বড়োলেণ্ড লাগে বুলি বি.এল.টি গঠন কৰি বড়ো সকলক ঠগিলে। হাগ্ৰামা মহিলাৰীয়ে কোনো প্ৰমাণ নোহোৱাকৈ এবছুৰ সভাপতি প্ৰমোদ বড়োক এন ডি এফ বিৰ টকা কালেক্টৰ বুলি কোৱা কাৰ্যকো গৰিহণা দি ইয়াৰ প্ৰমাণ দিবলৈ প্ৰত্বাহ্বান জনায় সভাপতিগৰাকীয়ে।

ABOUT THE AUTHOR

...view details