ওদালগুৰি, 27 নৱেম্বৰঃ ওদালগুৰি জিলাৰ খৈৰাবাৰীৰ দাউহাৰু ক্ষেত্ৰত অনুষ্ঠিত হ'ব বড়ো সকলৰ বৃহৎ জাতীয় অনুষ্ঠান বড়ো সাহিত্য সভাৰ ৫৯ সংখ্যক অধিৱেশন । বু্ধবাৰে অধিৱেশনৰ লাইখুটা স্থাপনৰ কৰিলে অসম চৰকাৰৰ পৰ্যটন বিভাগৰ মন্ত্ৰী চন্দন ব্ৰহ্ম আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে । আগন্তু ২০ জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈ তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় অধিৱেশনখন । বড়োলেণ্ড স্বায়ত্ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য লৌমশ্ৰাও দৈমাৰীক সভাপতি, কলাইগাঁও বিধান সভা সমষ্টিৰ বিধায়ক মহেশ্বৰ বড়োক কাৰ্যকৰী সভাপতি, ভীষ্ম বড়োক সাধাৰণ সম্পাদক হিচাপে লৈ গঠন হোৱা অভ্যৰ্থনা সমিতিয়ে ইতিমধ্যে জনসাধাৰণৰ সহযোগত এই অধিৱেশনখন সৰ্বাঙ্গ সুন্দৰ ভাবে আয়োজিত কৰিবলৈ সকলো প্ৰচেষ্টা হাতত লৈছে ৷
বড়ো সাহিত্য সভাৰ অধিৱেশনৰ লাইখুটা স্থাপন - bodo sahitya sabha
অধিৱেশনৰ লাইখুটা স্থাপনৰ কৰিলে অসম চৰকাৰৰ পৰ্যটন বিভাগৰ মন্ত্ৰী চন্দন ব্ৰহ্ম আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ।
অধিৱেশন খনৰ আয়োজনৰ প্ৰথম আনুষ্ঠানিক কাৰ্যসূচী হিচাপে বুধবাৰে দাউহাৰু ক্ষেত্ৰ'ত লাইখুটা স্থাপনৰ কৰে অসম চৰকাৰৰ পৰ্যটন বিভাগৰ মন্ত্ৰী চন্দন ব্ৰহ্ম আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে । প্ৰায় ১ কোটি ৬৫ লাখ টকা বাজেটেৰে অনুষ্ঠিত হ'বলগীয়া অধিৱেশন খনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া ৰাজ্য আৰু বহিঃৰাষ্ট্ৰ বাংলাদেশ, নেপাল আৰু ভূটানৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব । যাৰ বাবে বড়ো সাহিত্য সভাৰ অধিৱেশনকলৈ উখল-মাখল হৈ পৰিছে বৃহত্তৰ খৈৰাবাৰী অঞ্চল ।
আৰু পঢ়কঃ নাৰেংগী সেনা শিবিৰৰ কেণ্টিনত গ্ৰাহকৰ ৰূপত বনৰীয়া হাতী