ওদালগুৰি, 25 আগষ্ট : ২০২০ চনত অনুষ্ঠিত হ'ব লগা বিটিচি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছে বিজেপি । দেওবাৰে ওদালগুৰিস্থিত বিজেপিৰ জিলা কাৰ্যালয়ত এখন সংবাদ মেল সম্বোধন কৰি এই কথা অৱগত কৰে ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক কিশোৰ উপাধ্যায়ে । তেখেতে কয় যে বিটিচি নিৰ্বাচনত ৪০ টা সমষ্টিতে প্ৰতিদ্বন্দিতা কৰিব পৰা কৈ শক্তি আছে বিজেপিৰ । সেয়েহে আগন্তক বিটিচি নিৰ্বাচনত বিজেপিয়ে শক্তিশালী ৰূপে প্ৰতিদ্বন্দিতা কৰিব । অনাগত দিনত এই আটাইবোৰ সমষ্টিত ৫০০০ কৈ সদস্য ভৰ্তি কৰিব বুলিও জনাই বিজেপিৰ সম্পাদক গৰাকীয়ে ।
হাগ্ৰামা মহিলাৰীৰ বিটিচি দখলৰ বাবে সাজু বিজেপি - হাগ্ৰামা মহিলাৰীৰ বিটিচি দখল কৰিব সাজু বিজেপি
আগন্তক বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে বিটিচিৰ 40 সমষ্টিতে প্ৰতিদ্বন্দিতাৰ বাবে সাজু বিজেপি
![হাগ্ৰামা মহিলাৰীৰ বিটিচি দখলৰ বাবে সাজু বিজেপি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4240410-thumbnail-3x2-btc-ellection.jpg)
হাগ্ৰামা মহিলাৰীৰ বিটিচি দখলৰ বাবে সাজু বিজেপি
হাগ্ৰামা মহিলাৰীৰ বিটিচি দখলৰ বাবে সাজু বিজেপি
লগতে তেখেতে দাবী কৰে যে বিটিচিত এইবাৰ বিজেপিৰ সহায়ৰ অবিহনে কোনো দলে চৰকাৰ গঠন কৰিব নোৱাৰে ৷ অৱশ্যে আগন্তুক বিটিচি নিৰ্বাচনত বিজেপি দলে এককভাৱে নে মিত্ৰতাৰে নিৰ্বাচন খেলিব এই কথা স্পষ্টভাৱে কোৱাৰ পৰা বিৰত থাকে যদিও বিটিচিৰ ৪০টা সমষ্টিৰ বাবেই বিজেপি সাজু আছে বুলি জানিব দিয়ে ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক গৰাকীয়ে ৷