ওদালগুৰি, 13 জুনঃ হাগ্ৰামা মহিলাৰীৰ অৱস্থা বুঢ়া বাঘৰ দৰে ৷ তেওঁ চিকাৰ কৰিব পৰা অৱস্থাত নাই ৷ ওদালগুৰিত এই মন্তব্য কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ ৷
হাগ্ৰামা চিকাৰ ধৰিব নোৱৰা বুঢ়া বাঘঃ নৱ কুমাৰ শৰণীয়া - বিটিচিৰ পৰিষদীয় নিৰ্বাচন
কেৱল কোকৰাঝাৰ নহয় এইবাৰ নৱ শৰণীয়াৰ লক্ষ্য সমগ্ৰ বি টি এ ডি ।হাগ্ৰামাক চিকাৰ ধৰিব নোৱৰা বুঢ়া বাঘ আখ্যা কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ । আৰ এছ এছৰ আৰ্হিত বিটিএডি সেনা গঠন কৰা হ'ব বুলিও উল্লেখ । হাগ্ৰামাক ক্ষমতাচ্যুত কৰি এইবাৰ বিটিচি দখলৰ হুংকাৰ সাংসদগৰাকীৰ।
২০২০ চনত অনুষ্ঠিত হ'বলগীয়া বিটিচিৰ পৰিষদীয় নিৰ্বাচনত হাগ্ৰামা মহিলাৰীৰ বাবে প্ৰত্যাহ্বান ৰূপে থিয় দিবলৈ সাজু বুলি প্ৰকাশ কৰে সাংসদ নৱ কুমাৰ শৰণীয়াই । দ্বিতীয়বাৰৰ বাবে সাংসদৰূপে নিৰ্বাচিত হোৱাৰ পিছত ২০২০ৰ বিটিচিৰ পৰষদীয় নিৰ্বাচনত এক নতুন দল গঠন কৰি প্ৰতিদ্বন্দ্বিতা আগবঢ়াই BPF ক সম্পূৰ্ণ ৰূপে ক্ষমতাচ্যুত কৰাৰ পৰিকল্পনা ৰচনা কৰিছে সাংসদগৰাকীয়ে । এই কথা সদৰী কৰে খোদ নৱ শৰণীয়াই ।
ওৰাঙত অবড়ো সুৰক্ষা সমিতিৰ উদ্যোগত আয়োজিত এক সভাত অংশ গ্ৰহণ কৰে নৱ শৰণীয়াই। আগন্তুক বিটিচি নিৰ্বাচনত ওদালগুৰি জিলাৰ মুঠ দহখন আসনৰ ৭ খনেই পাব বুলি মন্তব্য কৰে শৰণীয়াই । মূলতঃ দুৰ্নীতি আৰু অবড়ো লোকৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ লক্ষ্যৰে আগবাঢ়ি যোৱাৰ ইংগিত দিয়ে সাংসদগৰাকীয়ে ৷