অসম

assam

ETV Bharat / state

গোৰ্খা সকল বাংলাদেশীৰ দৰে কাঁইটীয়া তাঁৰ পাৰ হৈ অহা অনুপ্ৰবেশকাৰী নহয়ঃ গোৰ্খা ছাত্ৰ সন্থা

NRCৰ চূড়ান্ত তালিকাত নাই লক্ষাধিক গোৰ্খা লোকৰ নাম । এই অভিযোগ গোৰ্খা ছাত্ৰ সন্থাৰ । শনিবাৰে NRCত গোৰ্খা সকলৰ নাম বিনা চৰ্তে অন্তৰ্ভূক্তিৰ দাবীত ওদালগুৰি আৰু বিশ্বনাথ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে গোৰ্খা ছাত্ৰ সন্থা আৰু গোৰ্খা সন্মীলনে

By

Published : Sep 21, 2019, 8:52 PM IST

গোৰ্খা সকলৰ নাম বিনা চৰ্তে অন্তৰ্ভূক্তিৰ দাবীত ওদালগুৰি আৰু বিশ্বনাথ উত্তাল প্ৰতিবাদ

বিশ্বনাথ, 21 চেপ্তেম্বৰঃ NRC ৰ সমন্বয়ক প্ৰতীক হাজেলা আৰু NRCত নিয়োজিত বিষয়া সকলৰ গাফিলতিৰ বাবেই হাজাৰ হাজাৰ থলুৱা গোৰ্খাৰ নাম NRCৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰাৰ অভিযোগ ৷ প্ৰকৃত ভাৰতীয় নাগৰিক সকলৰ হাতত পৰ্যাপ্ত সকলো নথি পত্ৰ থকা স্বত্বেও গোৰ্খাসকলৰ নাম NRC ত নথকাত ক্ষোভিত গোৰ্খা ছাত্ৰ সন্থা ৷ বহুতো স্বাধীনতা সংগ্ৰামী আৰু পৰিয়ালৰ লোকৰ নাম, জাতীয় শ্বহীদৰ পৰিয়ালৰ নাম, প্ৰাক্তন সৈনিকৰ লগতে শ্বহীদ সৈনিকৰ আৰু পৰিয়ালৰ লোকৰ নাম, কৰ্মৰত সৈনিক আৰু পৰিয়ালৰ লোকৰ নাম ৰহস্যজনকভাবে NRC ৰ পৰা বাদ পৰাত ক্ষোভিত হৈ পৰিছে একাংশ৷ ইয়াৰ প্ৰতিবাদত জিলা উপায়ুক্তৰ কাৰ্যালয়ত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত,অসম গোৰ্খা সন্মিলন,অসম নেপালী সাহিত্য সভা বিশ্বনাথ জিলা তথা ভাৰতীয় গোৰ্খা পৰিসংঘৰ সহযোগত তিনি ঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। প্ৰায় তিনি শতাধিক লোকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।

গোৰ্খা সকলৰ নাম বিনা চৰ্তে অন্তৰ্ভূক্তিৰ দাবীত বিশ্বনাথত উত্তাল প্ৰতিবাদ

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা বিশ্বনাথ জিলাৰ সভাপতি দিলীপ গজুৰেলে স্পষ্ট ভাষাত কয় যে অসমৰ আন আন জনগোষ্ঠীৰ দৰে গোৰ্খা সকলো ইয়াৰে খিলঞ্জীয়া, গোৰ্খা সকল বাংলাদেশীৰ দৰে মাজ নিশা কাঁইটীয়া তাঁৰ পাৰ হৈ অহা অনুপ্ৰবেশকাৰী নহয়৷ অসমৰ খিলঞ্জীয়া গোৰ্খাৰ নাম NRC ৰ পৰা কৰ্তন কৰাৰ বিৰুদ্ধে আৰু প্ৰতিজন ভাৰতীয় গোৰ্খা নাগৰিকৰ নাম NRC ত অন্তৰ্ভুক্তিৰ দাবীত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা বিশ্বনাথ জিলা সমিতিয়ে উপায়ুক্তৰ জৰিয়তে মূখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।


ওদালগুৰি, 21 চেপ্তেম্বৰঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিখা প্ৰকাশৰ পিছৰে পৰা ৰাজ্যত অব্যাহত আছে ক্ষোভৰ জুই। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত লক্ষাধিক গোৰ্খা লোকৰ নাম কৰ্তন কৰাৰ অভিযোগ তুলি ওদালগুৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত পুৱা ১১ বজাৰ পৰা ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে গোৰ্খা জাতীয় সংগঠনে। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা আৰু গোৰ্খা সন্মিলনৰ উদ্যোগত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে প্ৰতীক হাজেলা হায় হায়, অসম চৰকাৰ হায় হায়, গোৰ্খা সকলৰ নাম বিনা চৰ্তে এন আৰ চিত অন্তৰ্ভূক্ত কৰক, গোৰ্খা বিৰোধী হুছিয়াৰ আদি বিভিন্ন শ্লগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদৰ অন্তত জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে সংগঠন দুটাই । চৰকাৰে সংগঠন কেইটাৰ দাবী সমূহ মানি নল'লে আগলৈ অধিক তীব্ৰতৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকীয়াই দিয়ে সংগঠনটোৱে।

গোৰ্খা সকলৰ নাম বিনা চৰ্তে অন্তৰ্ভূক্তিৰ দাবীত ওদালগুৰিত উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details