ওদালগুৰি, 04 মেঃ ওদালগুৰিৰ আৰক্ষী ৰিজাৰ্ভত শুকুৰবাৰে প্ৰথমবাৰৰ বাবে আৰক্ষীয়ে আয়োজন কৰে বিহুৰ অনুষ্ঠান ৷ জনপ্ৰিয় কণ্ঠ শিল্পী ভৃগু কাশ্যপৰ স'তে একেলগে গীত পৰিৱেশন কৰে আৰক্ষী অধীক্ষক লংনিত তেৰণে ৷
ওদালগুৰিত প্ৰথমবাৰৰ বাবে আৰক্ষীৰ বিহু
আৰক্ষীৰ বিহুৰ অনুষ্ঠানত বিহু গীত গাই আনন্দত আত্মহাৰা আৰক্ষী অধীক্ষক লংনিত তেৰণ
আৰক্ষী মানেই 24 ঘন্টাই ব্যস্ততা ৷ কি বিহু কি পূজা ব্যস্ততাৰ বাবে একোৱে উদযাপন কৰিবলৈ সুযোগ নাপাই আৰক্ষীয়ে ৷ অৱশেষত এই সুযোগটো আহিল ওদালগুৰিত কৰ্মৰত আৰক্ষীৰ সকললৈ ৷ এইবেলি প্ৰথমবাৰৰ বাবে ওদালগুৰিৰ আৰক্ষীয়ে বিহু অনুষ্ঠান আয়োজন কৰে ৷ এই বিহু অনুষ্ঠানত জনপ্ৰিয় কণ্ঠ শিল্পী ভৃগু কাশ্যপে গীত পৰিৱেশন কৰে ৷ ভৃগুৰ লগতে একেলগে গীত পৰিৱেশন কৰে আৰক্ষী অধীক্ষক লংনিত তেৰণে ৷ আৰক্ষী অধীক্ষক গৰাকীৰ কণ্ঠত ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ জনপ্ৰিয় গীত শুনি অভিভূত হৈ পৰে দৰ্শকসকল ৷ আৰক্ষীৰ বিহু দেখি কণ্ঠ শিল্পী ভৃগু কাশ্যপো অভিভূত হৈ পৰে ৷ এয়াই নহয় বিহু নৃত্য প্ৰদৰ্শনো কৰিলে আৰক্ষীৰ একাংশ জোৱানে ৷ ইপিনে এই বিহু অনুষ্ঠানত আমন্ত্ৰণ কৰি অনা বিহু দলৰ লগতে বড়ো,কোচ ৰাজবংশী,ৰাভা, আদিবাসী আদি বিভিন্ন জাতি জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্যয়ো অভিভূত কৰে দৰ্শকক ৷
আনহাতে কৌতুক অভিনেতা বিপুল ৰাভাৰ কৌতুক অভিনয়েও প্ৰাণ খুলি হাঁহিবলৈ সুযোগ দিলে আৰক্ষীৰ লোকসকলক ৷ ইয়াৰোপৰিও ওদালগুৰিৰ চাৰিজন বিশেষ ব্যক্তি ক্ৰমে বিশিষ্ট নাট্যকাৰ পবিত্ৰ ৰাভা, বিশিষ্ট চিত্ৰ শিল্পী ৰবি ৰাম ব্ৰহ্ম,আন্তৰাষ্ট্ৰীয় পৰ্যায়ত স্বৰ্ণ বিজয়ী কাৰাটে খেলুৱৈ চান্দিনী খাতুন আৰু বিশিষ্ট সংগীত শিল্পী ৰাম কৃষ্ণ দাসক আৰক্ষীয়ে সম্বৰ্ধনা জনায় ৷ আৰক্ষীৰ এই বিহু অনুষ্ঠানত ওদালগুৰিৰ জিলাৰ উপায়ুক্ত দিলীপ কুমাৰ দাসৰ লগতে বহু কেইজন জিলা প্ৰশাসনৰ লোকো উপস্থিত থাকে ৷