ওদালগুৰি,1 এপ্ৰিল:সদৌ অসম প্ৰাথমিক উচ্চ প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন ৰান্ধনী আৰু সহায়িকা সন্থাই ওদালগুৰিৰ ভেৰগাঁও মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে এই প্ৰতিবাদ ৷
মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ প্ৰতিবাদত উত্তাল ভেৰগাঁও মহকুমাধিপতিৰ কাৰ্যালয় - ETV BHARAT
সোমবাৰে ওদালগুৰি জিলাৰ ভেৰগাৱঁত মধ্যাহ্ন ভোজন আঁচনি এন জি অ'ক গতাই দিয়াৰ বাবে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ প্ৰতিবাদত মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷
এই প্ৰতিবাদ কাৰ্যসূচীত উপস্থিত থাকে সংগঠনটোৰ ৰাজ্যিক সভাপতি গোলাপী বড়ো আৰু সম্পাদিকা জাহাৰানা বেগমৰ লগতে শতাধিক কৰ্মচাৰী ৷ উল্লেখ্য যে,অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগে বিদ্যালয়সমূহত কেন্দ্ৰীয় ৰন্ধনশালাৰ জৰিয়তে মধ্যাহ্ন ভোজন বিতৰণৰ দায়িত্ব 15 টা এন জি অ'ক দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ প্ৰতিবাদী কাৰ্যসূচীত সোমবাৰে সংগঠনটোৰ শতাধিক কৰ্মচাৰী ওলাই আহি হুংকাৰ প্ৰদান কৰে যে কোনো কাৰণতে এন জি অ'ক মধ্যাহ্ন ভোজন বনাব দিয়া নহয় ৷ লগতে চৰকাৰে যদি এই সিদ্ধান্ত কাৰ্যকৰী কৰে তেনেহ'লে ৰাজ্যৰ 1 লাখ 17 হাজাৰ ৰান্ধনী কৰ্মীয়ে আত্মজাহ দিব বুলিও সকীয়াই দিয়ে ৷
আজিৰ এই প্ৰতিবাদত প্ৰতিবাদকাৰীসকলে মধ্যাহ্ন ভোজন আঁচনি এন জি অ'’ক গতাই দিয়া সিদ্ধান্ত বাতিল কৰা, ৰন্ধন কৰ্মীক বাৰ মাহে পাৰিশ্ৰমিক দিয়া, ৰন্ধনকৰ্মীৰ মাননি 9 হাজাৰ টকাকৈ বৃদ্ধি কৰা, ৰন্ধনকৰ্মীৰ পেন্সন, চিকিৎসা সাহাৰ্য্য আৰু সামাজিক সুৰক্ষাৰ ব্যৱস্থা কৰাৰ দাবীত বিভিন্ন শ্ল'গান দি উত্তাল কৰি তোলে ভেৰগাঁও মহকুমাধিপতিৰ কাৰ্যালয় ৷ প্ৰতিবাদৰ অন্তত প্ৰতিবাদকাৰীসকলে ভেৰগাঁও মহকুমাধিপতিৰ কাৰ্যালয়ৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ সমস্যা সমূহ সমাধানৰ বাবে স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷