অসম

assam

ETV Bharat / state

" ছয়খন বিধানসভা সমষ্টি সংৰক্ষণ হ'ব লাগে গোৰ্খা সকলৰ বাবে " : প্ৰেম তামাঙ

ওদালগুৰি জিলা গোর্খা ছাত্ৰ সন্থাৰ ৪০ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশনৰ সামৰণি, গোৰ্খাসকলৰ জনজাতিকৰণৰ দাবীত সৰৱ সংগঠনটো

By

Published : Feb 2, 2019, 10:54 PM IST

ওদালগুৰি, ২ ফেব্ৰুৱাৰী : শুকুৰবাৰে সামৰণি পৰে দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা ওদালগুৰি জিলা গোর্খা ছাত্ৰ সন্থাৰ ৪০ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন । সামৰণিৰ দিনটোত অধিৱেশনৰ লগত সংগতি ৰাখি অনুষ্ঠিত মকুলি সভাত অংশগ্ৰহণ সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি প্ৰেম তামাঙ । নিজ ভাষণত প্ৰসংগত কেন্দ্ৰীয় সভাপতি গৰাকীয়ে উল্লেখ কৰে যে, অতীজৰ পৰা গোৰ্খাসকল বঞ্চিত হৈ আহিছে । গোৰ্খাসকলক জনজাতিকৰণৰ বাবে অসম চৰকাৰে noc দিয়া নাই । উক্ত অনুষ্ঠানটোতে সংগঠনটোৰ সভাপতি গৰাকীয়ে লগতে কয় যে, চৰকাৰে তেজপুৰ সমষ্টিত গোৰ্খা লোকক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে । কিন্তু কেৱল এটা লোকসভা সমষ্টি দিয়েই আমাক সন্তুষ্ট কৰিলে নহ'ব গোৰ্খাসকলৰ বাবে ছয়খন বিধানসভা সমষ্টি সংৰক্ষণ হ'ব লাগে ।

উল্লেখ্য যে, ওদালগুৰি জিলা গোর্খা ছাত্ৰ সন্থাৰ ৪০ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশনত সংগঠনটোৰ কেন্দ্রীয় সভাপতি প্ৰেম তামাঙৰ লগতে উপস্থিত থাকে সাহিত্য অকাডেমি বঁটা বিজয়ী তাৰাপতি উপাধ্যায়, বিটিচিৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰী জিলা আছুৰ সভাপতি প্ৰাঞ্জল পাটোৱাৰী উপৰিও অনান্য বহু কেইগৰাকী ব্যক্তি । মুকলি সভাখনতে গোৰ্খা সকলৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰা হয় ।

ABOUT THE AUTHOR

...view details