ওদালগুৰি ,17 মাৰ্চঃওদালগুৰি জিলাৰ হৰিশিঙাৰ বেংবাৰী নৱজ্যোতি সংঘৰ উদ্যোগত তথা অঞ্চলটোৰ যুৱ নেতা ৰোহিত পাৰিগা আৰু প্ৰনয় ৰাভাৰ সহযোগত বেংবাৰী এল পি স্কুলৰ প্ৰাঙ্গনত এটি বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুস্থিত কৰে।
ওদালগুৰিত বিনামূলীয়া চকু চিকিৎসা শিবিৰ - guwahati lions eye vlub
ওদালগুৰিত নৱজ্যোতি সংঘৰ উদ্যোগত বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুস্থিত কৰে৷চকু চিকিৎসা শিবিৰত গুৱাহাটী লায়নচ আই ক্লাবৰ এটা চকু চিকিৎসকৰ দলে বৃহত্তৰ অঞ্চলটোৰ শতাধিক ৰাইজৰ মাজত চকুৰ চিকিৎসা আগবঢ়ায়৷
চকু চিকিৎসা শিবিৰত গুৱাহাটী লায়নচ আই ক্লাবৰ এটা চকু চিকিৎসকৰ দলে বৃহত্তৰ অঞ্চলটোৰ শতাধিক ৰাইজৰ মাজত চকুৰ চিকিৎসা আগবঢ়ায়৷যুৱ নেতাদ্বয়ে বিগত ৬ মাহৰ পৰা বৰ্তমানৈ বিভিন্ন অঞ্চলৰ প্ৰায় 10 টা স্থানত চকু পৰিক্ষা শিৱিৰ আয়োজন কৰি আহিছে। দেওবাৰে বেংবাৰী অঞ্চলৰ লোকেও উক্ত চিকিৎসা শিবিৰত চিকিৎসকৰ পৰমৰ্শ লয়।
ইয়াৰে বেছিভাগৰে উন্নত চিকিৎসা ( অক্তোপ্ৰচাৰ) ৰ বাবে আগন্তুক 2 আৰু 7 এপ্ৰিলত সম্পূৰ্ণ বিনামূলীয়াকৈ চিকিৎসা আৰু যাতায়তৰ সু ব্যৱস্থা কৰি গুৱাহাটী লাইয়নচ ক্লাৱৰ চিকিৎসা কেন্দ্ৰলৈ লৈ যোৱাৰ ব্যৱস্থা কৰিব বুলিও যুৱ কংগ্ৰেছৰ নেতা তথা শিবিৰৰ আয়োজন ৰোহিত পাৰিগাই সাংবাদিকক জনায়৷