ওদালগুৰি,18 মে': পানেৰীত দুস্প্ৰাপ্য প্ৰজাতিৰ লাজুকি বান্দৰ উদ্ধাৰ। ওদালগুৰিৰ পানেৰীৰ ভূটীয়াচাং চাহ বাগিছাৰ এজন লোকৰ ঘৰৰ পৰা শনিবাৰে মাজ নিশা এটি দুস্প্ৰাপ্য প্ৰজাতিৰ লাজুকি বান্দৰ উদ্ধাৰ কৰা হয় ।
পানেৰীত দুস্প্ৰাপ্য প্ৰজাতিৰ লাজুকি বান্দৰ উদ্ধাৰ - অসম নিউজ
শনিবাৰে মাজ নিশা এটি দুস্প্ৰাপ্য প্ৰজাতিৰ লাজুকি বান্দৰ উদ্ধাৰ কৰা হয় । খালিংদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ বন বিষয়া সত্যৰাম বড়ো,Green Valley Forest & Wild Life Protection Society নামৰ বেচৰকাৰী সংস্থাটোৰ সভাপতি দিবাকৰ নায়ক, সহ সম্পাদক মিঠু সৰকাৰ আৰু কাঞ্চন চৌহানৰ প্ৰচেষ্টাত আৰু পানেৰী আৰক্ষী থানাৰ সহযোগত ভূটীয়াচাং চাহ বাগিছাৰ এজন লোকৰ ঘৰত উদ্ধাৰ কৰা হয় এই লাজুকী বান্দৰটো
খালিংদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ বন বিষয়া সত্যৰাম বড়ো,Green Valley Forest & Wild Life Protection Society নামৰ বেচৰকাৰী সংস্থাটোৰ সভাপতি দিবাকৰ নায়ক, সহ সম্পাদক মিঠু সৰকাৰ আৰু কাঞ্চন চৌহানৰ প্ৰচেষ্টাত আৰু পানেৰী আৰক্ষী থানাৰ সহযোগত ভূটীয়াচাং চাহ বাগিছাৰ এজন লোকৰ ঘৰত উদ্ধাৰ কৰা হয় এই লাজুকী বান্দৰটো । শনিবাৰে পুৱা উদ্ধাৰ হোৱা লাজুকি বান্দৰটো খালিংদুৱাৰ সংৰক্ষিত বনাঞ্চলত এৰি দিয়ে বন বিভাগে । উল্লেখ্য যে, Green Valley Forest & Wild Life Protection Society নামৰ বেচৰকাৰী সংস্থাটোৱে ২০০৮ চনৰে পৰা ওদালগুৰিৰ জিলাৰ ভাৰত-ভূটান সীমান্ত অঞ্চলটোত এনে বহু জীৱ জন্তু উদ্ধাৰ কৰি বন বিভাগৰ সহযোগত বনাঞ্চলত মুকলি কৰি দি আহিছে । হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ বাবেও এই বেচৰকাৰী সংস্থাটোৱে প্ৰচেষ্টা অব্যাহত ৰাখিছে জিলা খনত ।