ওদালগুৰি, 3 মে': শ্বহীদ বিশ্বজিৎ চৌহানৰ আদ্য শ্ৰাদ্ধত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । ৰাজ্য চৰকাৰে ২০ লাখ টকা আৰু বিটিচি প্ৰশাসনে ৫ লাখ টকা আৰ্থিক অনুদান আগবঢ়ালে শ্বহীদৰ পৰিয়ালটোলৈ ৷ পহিলা বহাগৰ দিনা ঝাৰখণ্ডত নক্সালবাদীৰে হোৱা মুখা-মুখি সংঘৰ্ষত শ্বহীদ হোৱা ওদালগুৰিৰ পুথিমাৰী গাঁৱৰ চি আৰ পি এফ জোৱান বিশ্বজিৎ চৌহানৰ আদ্যশ্ৰাদ্ধ শুকুৰবাৰে নিজ বাস ভৱনত সম্পন্ন কৰা হয় । শ্বহীদ গৰাকীৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । সোণোৱালে শ্বহীদ গৰাকীক শ্ৰদ্ধাঞ্জলি অৰ্পন কৰাৰ লগতে শ্বহীদ গৰাকীকে ৰাষ্ট্ৰৰ হকে কৰা ত্যাগ অথলে নাযায় বুলি মন্তব্য কৰে । লগতে শ্বহীদ বিশ্বজিৎ চৌহানৰ পৰিয়াললৈ অসম চৰকাৰৰ তৰফাৰ পৰা ২০ লাখ টকাৰ এককালীন আৰ্থিক সাহাৰ্যও আগবঢ়াই ।
শ্বহীদ বিশ্বজিৎ চৌহানৰ আদ্য শ্ৰাদ্ধত উপস্থিত মুখ্যমন্ত্ৰী সোণোৱাল - পুথিমাৰী
পহিলা বহাগৰ দিনা ঝাৰখণ্ডত নক্সালবাদীৰে হোৱা মুখা-মুখি সংঘৰ্ষত শ্বহীদ হোৱা ওদালগুৰিৰ পুথিমাৰী গাঁৱৰ চি আৰ পি এফ জোৱান বিশ্বজিৎ চৌহানৰ আদ্যশ্ৰাদ্ধ শুকুৰবাৰে নিজ বাস ভৱনত সম্পন্ন কৰা হয় । শ্বহীদ গৰাকীৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

আৰু পঢ়ক: পহিলা বহাগৰ দিনাই বীৰ শ্বহীদ বিশ্বজিতৰ ঘৰত কান্দোনৰ ৰোল
আনহাতে, বিটিচি প্ৰশাসনৰ তৰফৰ পৰাও শ্বহীদ গৰাকীৰ পৰিয়াললৈ ৫ লাখ টকাৰ এককালীল আৰ্থিক সাহাৰ্য আগবঢ়াই । তাৰোপৰি আদ্য শ্ৰাদ্ধ অনুষ্ঠানত অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহণ দৈমাৰী, কলাইগাঁও সমষ্টিৰ বিধায়ক মহেশ্বৰ বড়ো, পানেৰী সমষ্টিৰ বিধায়িকা কমলী বসুমতাৰী, মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস, ঢেকিয়াজুলিৰ বিধায়ক অশোক সিংহাল,ওদালগুৰিৰ জিলা উপায়ুক্ত দিলীপ কুমাৰ দাস, আই জি পি ( বিটিএডি ) অনুৰাগ আগৰৱালকে ধৰি বহু কেইজন চৰকাৰী বিষয়া আৰু ৰাজনৈতিক নেতাই অংশ গ্ৰহণ কৰে ।