অসম

assam

ETV Bharat / state

২০২১ৰ বিধানসভা নিৰ্বাচনত ১০০ খন আসন দখলৰ লক্ষ্য বিজেপিৰ

১০০ খন আসন জয় কৰি চৰকাৰ গঠনৰ সংকল্প ৰাজ্যিক বিজেপিৰ সম্পাদক কিশোৰ উপাধ্যায়ৰ । উপ-নিৰ্বাচনৰ ফলাফলক লৈ উৎসাহিত বিজেপি নেতৃত্ব ৷

assam Bjp targets 100 seats in 2021 assembly election

By

Published : Oct 24, 2019, 8:47 PM IST

ওদালগুৰি, 24 অক্টোবৰ:ৰাজ্যৰ চাৰিটা বিধান সমষ্টিৰ উপ- নিৰ্বাচনত তিনিটা সমষ্টিতে জয়ী হোৱাৰ পাচত ২০২১ চনত হ'ব লগা অসম বিধান সভাৰ নিৰ্বাচনকলৈ অধিক আশাবাদী হৈ পৰিছে শাসনাধীন বিজেপি দল । অহা বিধানসভা নিৰ্বাচনত ১০০ খন আসন দখল কৰি দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ দাবী ৰাজ্যিক বিজেপিৰ সম্পাদক কিশোৰ উপাধ্যায়ৰ । উপাধ্যায়ে কয় যে - " এই জয়ে আমাক ২০২১ লৈ দায়িত্ব অধিক বঢ়াই তুলিলে । ২০২১ চনত আমি ১০০ খন আসম জয় কৰাৰ চিন্তা চৰ্চা কৰিছোঁ ।" বিজয়ৰ পিছতে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক ভূয়সী প্ৰশংসা কৰে সম্পাদকজনে ।

উপ-নিৰ্বাচনৰ ফলাফলৰ পাচত উজ্জীৱিত বিজেপি

আনহাতে জনীয়া সমষ্টিত বিজেপিৰ ভোট বৃদ্ধি হোৱাত উৎফুল্লিত হৈ পৰে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া । সাংসদগৰাকীয়ে সংখ্যালঘু ৰাইজে বিজেপিৰ প্ৰতি আস্থা ব্য়ক্ত কৰা বুলি মন্তব্য আগবঢ়াইছে । এয়া ২০২১ ৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ বাবে এটা সম্পূৰ্ণ আশাৰ বতৰা বুলিও মন্তব্য কৰে সাংসদ শইকীয়াই । উল্লেখ্য যে, বৃহস্পতিবাৰে ৪ সমষ্টিৰ ভোটগণনা চলি থকাৰ মাজতে ওদালগুৰি জিলাত গান্ধী সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰিব আহিছিল বিজেপিৰ শীৰ্ষ নেতা দুজন ।

ABOUT THE AUTHOR

...view details