দৰং, 19 জুলাই:ওদালগুৰি জিলাৰ অন্তৰ্গত হৰিশিঙাৰ 2 নং ঘাগ্ৰাপাৰাত উদ্ধাৰ অস্ত্ৰ ভাণ্ডাৰ ৷ এটা এ.কে 47, এটা এইচ কে 33, এম 27 এটা আৰু 27 ৰাউণ্ড সজীৱ গুলীৰ লগতে চাৰিটা মেগজিন উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী ৷ দেওবাৰে পুৱতি নিশা ওদালগুৰি জিলাৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত বিদ্যুৎ ৰাজ বড়োৰ নেতৃত্বত হৰিশিঙা থানাৰ ভৰপ্ৰাপ্ত বিষয়া প্ৰেমাংকু হাজৰিকা আৰু ওৰাং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক দাসৰ সহযোগত এক অভিযান চলোৱা হয় ৷
ওদালগুৰি জিলাৰ হৰিশিঙাত উদ্ধাৰ মাৰণাস্ত্ৰ
দেওবাৰে পুৱতি নিশা ওদালগুৰি জিলাৰ আৰক্ষী আয়ুক্ত বিদ্যুৎ ৰাজ বড়োৰ নেতৃত্বত চলোৱা এক অভিযানত, হৰিশিঙাৰ 2 নং ঘাগ্ৰাপাৰাত উদ্ধাৰ হয় অস্ত্ৰ ভাণ্ডাৰ ৷
হৰিশিঙাত উদ্ধাৰ মাৰণাস্ত্ৰ
এই অভিযানতে আৰক্ষীয়ে এই অস্ত্ৰৰ ভাণ্ডাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় বুলি জানিবলৈ দিয়ে ওদালগুৰিৰ আৰক্ষী অধীক্ষক ৰিপুল দাসে ৷ ইয়াৰ পূৰ্বেও কেইবাবাৰো জিলা খনৰ ভিন্ন স্থানৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বুলি জানিবলৈ দিয়ে ৷
লগতে পঢ়ক:বাক্সা আৰক্ষীৰ অভিযানত মাৰণাস্ত্ৰৰ সহ সক্ৰিয় গুলী উদ্ধাৰ