অসম

assam

ETV Bharat / state

ওৰাঙত পুনৰ একেটা স্থানতে পথ দুৰ্ঘটনা: থিতাতে নিহত এজন

ওৰাঙত পুনৰ সংঘটিত এক পথ দুৰ্ঘটনাত থিতাতে নিহত হ'ল এজন লোক ৷ মঙলবাৰে নিশা একে স্থানতে সংঘটিত এক দুৰ্ঘটনাত নিহত হৈছিল 8 জনকৈ লোক ৷

By

Published : Nov 20, 2019, 8:04 PM IST

ওৰাঙত পুনৰ পথ দূৰ্ঘটনাত নিহত এজন

ওদালগুৰি, 20 নৱেম্বৰ :ওৰাঙৰ গেলাবিলৰ একেটা স্থানতে পুনৰ সংঘটিত হ'ল আন এক পথ দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাত থিতাতে নিহত হয় অৰুণ নাৰ্জাৰী নামৰ এজন লোক ৷ 15 নং ৰাষ্ট্ৰীয় পথত ৰৈ থকা এখন ট্ৰাকত খুন্দিওৱাৰ ফলত স্কুটী আৰোহী অৰুণ নাৰ্জাৰী নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় এগৰাকী মহিলা ৷

ওৰাঙত পুনৰ পথ দূৰ্ঘটনা
ওৰাঙত পুনৰ পথ দূৰ্ঘটনা

উল্লেখ্য যে, মঙলবাৰে নিশা গেলাবিলত সংঘটিত হৈছিল এক ভয়াৱহ পথ দুৰ্ঘটনা ৷ ৰৈ থকা ট্ৰাকত এখন আৰ্টিগা বাহনে খুন্দিওৱাৰ ফলত মৃত্যু হৈছিল 8 জনকৈ লোকৰ ৷ দুদিনত দুটাকৈ ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ পাচতে উত্তেজিত ৰাইজে অৱৰোধ কৰে ৰাষ্ট্ৰীয় ঘাইপথ ৷

ওৰাঙত পুনৰ পথ দূৰ্ঘটনা

আৰু পঢ়ক : মহাৰাষ্ট্ৰৰ অচলাৱস্থাৰ সময়তে প্ৰধানমন্ত্ৰীৰে মিলিত পাৱাৰ

ABOUT THE AUTHOR

...view details