ওদালগুৰি, 20 আগষ্ট :এজন ধৰ্মীয় গুৰু তথা মৌলানাৰ-নিৰ্লজ্জ কৰ্ম কাণ্ডই লজ্জানত কৰিছে সমগ্ৰ ওদালগুৰি জিলাক । দুখীয়া-দৰিদ্ৰ মৌলানাৰ বাবে অহা আজমল ফাউণ্ডেশ্যনৰ বৃহৎ সংখ্যক ধন মৌলানাজনে ফাঁকি-বাজীৰে সৰকোৱাৰ তথ্য পোহৰলৈ অহাৰ পিছতে জিলাখনত সৃষ্টি হৈছে তুমুল প্ৰতিক্ৰিয়াৰ । ন্যায় বিচাৰি হুক-হুকাই কান্দি সাংসদ বদৰুদ্দিন আজমলক ন্যায় বিচাৰৰ অনুৰোধ একাংশ বঞ্চিত দুখীয়া মৌলানাৰ ।
উল্লেখ্য যে, মহামাৰী কৰ’ণা ভাইৰাচৰ আতংকত সমগ্ৰ দেশ লকডাউনত স্তব্ধ হৈ পৰিছিল । ফলত মছজিদৰ ইমাম, ৰাজহুৱা খণ্ডৰ মোক্তাব, মাদ্ৰাছাসমূহৰ শিক্ষকসকল আৰ্থিকভাৱে জুৰুলা হৈ পৰিছিল । তাৰ প্ৰতি লক্ষ্য ৰাখি আজমল ফাউণ্ডেশ্যনে দৰিদ্ৰ ইমাম আৰু মাদ্ৰাছাৰ কিছু সংখ্যক শিক্ষকক এককালিন আৰ্থিক সাহায্য ঘোষণা কৰে ৷ যোৱা ৰমজান মাহত ওদালগুৰি জিলা জমিয়তৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বৰ্তমানৰ কাৰ্যকৰী সভাপতি মৌলানা আবু বক্কৰ ছিদ্দিকৰ হতুৱাই ফৰ্ম বিতৰণ কৰা হৈছিল ।
লগতে পঢ়ক :শক্তি বিভাগৰ আজৱ কাণ্ডঃ বিদ্যুতৰ সংযোগ নথকাকৈয়ে আহিল বিল
ইতিমধ্যে প্ৰতিগৰাকী হিতাধিকাৰীয়ে নিজৰ একাউণ্টৰ জৰিয়তে ১৮ হাজাৰকৈ দুটা কিস্তিত মুঠ ৩৬ হাজাৰকৈ টকা লাভ কৰিছে । কিন্তু ফাউণ্ডেশ্যনৰ ফালৰ হিতাধিকাৰী সকলৰ নথি পৰীক্ষণৰ বাবে বৰ্তমানৰ জিলা জমিয়তৰ সভাপতি আৰু সাধাৰণ সম্পাদকলৈ তালিকাখন প্ৰেৰণ কৰাৰ লগে-লগেই উৰহী গছৰ ওৰ ওলাই পৰে ।