নিউজ ডেস্ক,1 এপ্ৰিল:ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ অব্যাহত থকাৰ মাজতে ওদালগুৰি নিৰ্বাচন জিলাৰ জিলা নিৰ্বাচন বিষয়া তথা এমচিএমচিৰ অধ্যক্ষই পেইড নিউজ সন্দৰ্ভত অসমৰ নিৰ্বাচন বিভাগৰ অতিৰিক্ত মুখ্য নিৰ্বাচন বিষয়ালৈ এখন আবেদন প্ৰেৰণ কৰিছে ৷
অসমৰ এটা ব্যক্তিগত সংবাদ মাধ্যমে পুৱাৰ ভাগত সম্প্ৰচাৰ কৰা এটা বাতৰিত ৰিহণ দৈমাৰী সন্দৰ্ভত প্ৰত্যক্ষভাৱে কৰা এক মন্তব্যৰ বাবে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা লোৱাৰ আহ্বান জনাই জিলা নিৰ্বাচন বিষয়া গৰাকীয়ে অতিৰিক্ত মুখ্য নিৰ্বাচন বিষয়া গৰাকীক উক্ত আবেদন জনায় ৷