অসম

assam

ETV Bharat / state

ABSU Protest in Rowta: বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক অপসাৰণৰ দাবীত প্ৰতিবাদ - Bodoland University

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙক অপসাৰণৰ দাবীত এবছুৰ প্ৰতিবাদী কাৰ্যসূচী ৷ অতিশীঘ্ৰে বড়োলেণ্ড বিশ্ববিদ্যালয়ত নতুন উপাচাৰ্য নিয়োগৰ দাবী এবছুৰ ৷ উপাচাৰ্যক অপসাৰণ নকৰা পৰ্যন্ত আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ এবছুৰ ৷

ABSU demands removal of Bodoland University VC
বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক অপসাৰণৰ দাবীত প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 2:53 PM IST

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক অপসাৰণৰ দাবীত প্ৰতিবাদ

ৰৌতা,৯ ছেপ্টেম্বৰ:বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙক বৰ্খাস্ত কৰাৰ দাবীত এবছুৰ প্ৰতিবাদী কাৰ্যসূচী । ওদালগুৰিৰ ওৰাং কলাগুৰু বিষ্ণুৰাভা স্নাতক মহাবিদ্যালয়ৰ চৌহদত নিখিল বড়ো ছাত্ৰ সন্থা(এবছু)ৰ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত এঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । ছাত্ৰ সংগঠনটোৰ শতাধিক কৰ্মী, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত উত্তাল হৈ পৰে মহাবিদ্যালয়খনৰ চৌহদ ।

হাতে-হাতে প্লেকাৰ্ড লৈ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক অপসাৰণ কৰক, লাড্ডু সিং গ'বেক, দুৰ্নীতিগ্ৰস্ত উপাচাৰ্য লাড্ডু সিঙক গ্ৰেপ্তাৰ কৰক, আমাক ন্যায় লাগিবই আদি শ্ল'গানেৰে পৰিৱেশ উত্তপ্ত কৰি তোলে । বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিং এজন অপৰাধী বুলি অভিযোগ উত্থাপন কৰে ছাত্ৰ সংগঠনটোৱে । ইতিমধ্যে তেখেতৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু হৈ আছে ।

সেয়ে এজন অপৰাধী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হৈ থকাৰ যুক্তি নাই বুলি ক্ষোভ প্ৰকাশ কৰে এবছুৰ প্ৰতিনিধিয়ে । বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙৰ নেতৃত্বত মহাবিদ্যালয়ৰ চেমিষ্টাৰৰ ৰিজাল্ট সময়মতে দিব নোৱাৰাৰ অভিযোগ । আনকি মহাবিদ্যালয়ৰ চুড়ান্ত পৰীক্ষাৰ ফলাফলো দিবলৈ সক্ষম হোৱা নাই বিশ্ববিদ্যালয়খনে ।

ফলত ছাত্ৰ-ছাত্ৰী উচ্চ শিক্ষাৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় । উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙক গ্ৰেপ্তাৰ কৰাৰ লগতে বৰ্খাস্ত কৰাৰ দাবীত সমগ্ৰ বিটিচি অঞ্চলতে নিখিল বড়ো ছাত্ৰ সন্থাই ধাৰাবাহিকভাৱে আন্দোলন চলাই আছে যদিও আজিলৈ ফলপ্ৰসূ ফল নোপোৱাত দুখ প্ৰকাশ কৰে এবছুয়ে ।

উপাচাৰ্যগৰাকীৰ ওপৰত এক অদৃশ্য শক্তিৰ আশীৰ্বাদ থকাৰ সন্দেহ ছাত্ৰ সংগঠনটোৰ । যেতিয়ালৈকে চৰকাৰে এই দাবী মানি নলয় তেতিয়ালৈকে তেওঁলোকে প্ৰতিবাদ অব্যাহত ৰাখিব বুলি কোৱাৰ লগতে এবছুয়ে ইয়াতকৈ আৰু ভয়াবহ আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰক সকীয়াই দিয়ে ৷

লগতে পঢ়ক:G20 Summit cultural programme:জি ২০ শীৰ্ষ সন্মিলনৰ সাংস্কৃতিক অনুষ্ঠানত প্ৰদৰ্শিত হ’ব অসমৰ কলা-কৃষ্টি

ABOUT THE AUTHOR

...view details