অসম

assam

ETV Bharat / state

ওদালগুৰিৰ 119 খন বড়ো মাধ্যমৰ বিদ্যালয়ক বিনাচৰ্তে প্ৰাদেশিকীকৰণৰ দাবী এবছু - বড়ো সাহিত্য সভাৰ - ওদালগুৰিৰ 119 খন বড়ো মাধ্যমৰ বিদ্যালয়ক বিনাচৰ্তে প্ৰাদেশিকীকৰণৰ দাবী

বৃহস্পতিবাৰে এবছু আৰু বড়ো সাহিত্য সভাৰ ওদালগুৰি জিলা সমিতিয়ে ওদালগুৰি চহৰৰ এবছুৰ জিলা সমিতিৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি বড়ো মাধ্যমৰ বিদ্যালয় প্ৰাদেশীকৃত কৰাৰ লগতে বড়ো মাধ্যমৰ বিদ্যালয়ৰ বিভিন্ন সমস্যা সমাধানৰ বাবে চৰকাৰক দাবী জনায় । 2013 চনত প্ৰাদেশীকৃত বহু সংখ্যক বিদ্যালয়ত এতিয়াও বিজ্ঞান শিক্ষক নিযুক্তি নিদিয়াত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বড়ো সাহিত্য সভাই । বড়ো সাহিত্য সভাই অতি শীঘ্ৰে বিদ্যালয় সমূহত বিজ্ঞান শিক্ষক নিযুক্তি দিবলৈ দাবী তোলে ।

ওদালগুৰিৰ 119 খন বড়ো মাধ্যমৰ বিদ্যালয়ক বিনাচৰ্তে প্ৰাদেশিকীকৰণৰ দাবী এবছু - বড়ো সাহিত্য সভাৰ
ওদালগুৰিৰ 119 খন বড়ো মাধ্যমৰ বিদ্যালয়ক বিনাচৰ্তে প্ৰাদেশিকীকৰণৰ দাবী এবছু - বড়ো সাহিত্য সভাৰ

By

Published : Feb 27, 2020, 5:26 PM IST

ওদালগুৰি, 27 ফেব্ৰুৱাৰী :ওদালগুৰি জিলাৰ 119 খন বড়ো মাধ্যমৰ অপ্ৰাদেশীকৃত বিদ্যালয়ক বিনাচৰ্তে প্ৰাদেশীকৃত কৰাৰ দাবী এবছু আৰু বড়ো সাহিত্য সভাৰ । বৃহস্পতিবাৰে এবছু আৰু বড়ো সাহিত্য সভাৰ ওদালগুৰি জিলা সমিতিয়ে ওদালগুৰি চহৰৰ এবছুৰ জিলা সমিতিৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি বড়ো মাধ্যমৰ বিদ্যালয় প্ৰাদেশীকৃত কৰাৰ লগতে বড়ো মাধ্যমৰ বিদ্যালয়ৰ বিভিন্ন সমস্যা সমাধানৰ বাবে চৰকাৰক দাবী জনায় ।

বড়ো মাধ্যমৰ বিদ্যালয়ক বিনাচৰ্তে প্ৰাদেশিকীকৰণৰ দাবী

বিদ্যালয় প্ৰাদেশিকীকৰণৰ বাবে শিক্ষা বিভাগে শেহতীয়াকৈ চলোৱা জৰীপৰ কিছুমান চৰ্তৰ বাবে বহু সংখ্যক বড়ো মাধ্যমৰ বিদ্যালয় প্ৰাদেশীকৰণৰ পৰা বঞ্চিত হোৱা আশংকা কৰি এবছুৰ জিলা সভাপতি আনন্দ দৈমাৰীয়ে কয় যে, সমগ্ৰ ওদালগুৰি জিলাত 119 খন বড়ো মাধ্যমৰ বিদ্যালয় এতিয়াও অপ্ৰাদেশীকৃত অৱস্থাতে আছে । নিখিল বড়ো ছাত্ৰ সন্থাই বড়ো মাধ্যমৰ সমস্যা সমূহ সমাধানৰ বাবে বহু বছৰ ধৰি আন্দোলন কৰি আহিছিল যদিও সেই সময়ত চৰকাৰে বড়ো মাধ্যমৰ সমস্যা সমূহ সমাধান নকৰিলে । সেয়েহে নতুনকৈ স্বাক্ষৰ হোৱা বিটিআৰ চুক্তিৰ জড়িয়তে বড়ো মাধ্যমৰ বিদ্যালয় সমূহ বিনাচৰ্তে প্ৰাদেশীকৃত কৰিব বুলি আশা ব্যক্ত কৰে জিলা এবছুৰ সভাপতি জনে ।

আনহাতে বড়ো মাধ্যমৰ অপ্ৰাদেশীকৃত বিদ্যালয়সমূহৰ বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে বিজ্ঞান, ইংৰাজী আদি বিষয়ৰ বিনামূলীয়া পাঠ্যপুথি আজি পৰ্যন্ত লাভ নকৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে এবছু নেতা জনে । আনন্দ দৈমাৰীয়ে পাঠ্যপুথি লাভ নকৰা ছাত্ৰ ছাত্ৰী সকলক পাঠ্যপুথি যোগান ধৰিবলৈও চৰকাৰক আহ্বান জনায় । ইপিনে ওদালগুৰি জিলাত এজনীয়া শিক্ষকৰে চলি থকা 71 খন বড়ো মাধ্যমৰ বিদ্যালয়ত শিক্ষক নিযুক্তি দিবলৈও চৰকাৰক আহ্বান জনায় ছাত্ৰ নেতা জনে ।

সংবাদমেলত বড়ো সাহিত্য সভাৰ ওদালগুৰি জিলা সমিতিৰ উপদেষ্টা নীলকান্ত গয়াৰীয়েও প্ৰাদেশীকৰণৰ বাবে দিয়া কিছুমান চৰ্তৰ বাবে বহু সংখ্যক বিদ্যালয় প্ৰাদেশীকৃত নহ'ব বুলি আশংকা কৰি ষষ্ঠ অনুসূচীৰ অন্তৰ্গত ওদালগুৰি জিলাৰ বড়ো মাধ্যমৰ বিদ্যালয় সমূহক বিনা চৰ্তে প্ৰাদেশীকৰণৰ দাবী জনায় । তাৰোপৰি 2013 চনত প্ৰাদেশীকৃত বহু সংখ্যক বিদ্যালয়ত এতিয়াও বিজ্ঞান শিক্ষক নিযুক্তি নিদিয়াত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বড়ো সাহিত্য সভাই । বড়ো সাহিত্য সভাই অতি শীঘ্ৰে বিদ্যালয় সমূহত বিজ্ঞান শিক্ষক নিযুক্তি দিবলৈ দাবী তোলে ।

বড়ো মাধ্যমৰ বিদ্যালয়ক বিনাচৰ্তে প্ৰাদেশিকীকৰণৰ দাবী

উল্লেখ যে, সমগ্ৰ ওদালগুৰি জিলাত বড়ো মাধ্যমৰ 74 খন প্ৰাথমিক বিদ্যালয়, 19 খন মাধ্যমিক আৰু 26 খন উচ্চ মাধ্যমিক বিদ্যালয় এতিয়াও অপ্ৰাদেশীকৃত অৱস্থাতে আছে । সংগঠন দুটাই এই সমূহ বিদ্যালয়ক প্ৰাদেশীকৃত কৰাৰ লগতে জিলা খনত থকা 6 খন কণিষ্ঠ মহাবিদ্যালয় আৰু 6 খন মহাবিদ্যালয়ক প্ৰাদেশীকৰণৰ বাবে সংবাদমেলৰ জড়িয়তে দাবী উত্থাপন কৰে ।

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details