ৰৌতা,22 ছেপ্টেম্বৰ:কিছুদিন পূৰ্বে BTC প্ৰশাসনে ৰৌতা অঞ্চলৰ 42 টা সংখ্যালঘু পৰিয়ালক উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছিল ৷ জাননী লাভ কৰা সেই পৰিয়াল কেইটাক এবছুৰ কৰ্মীয়ে মাটি খালি কৰি দিবলৈ হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ এবছুৰ (ABSU) দৰে জাতীয় সংগঠনৰ এনে কাৰ্যত দুখ প্ৰকাশ কৰিছে এবিএমছুৰ (ABMSU) সভাপতি টাইচন হুছেইনে ৷ শুকুৰবাৰে পৰিয়াল কেইটাৰ কাষত উপস্থিত হয় ABMSUৰ সভাপতিগৰাকী ৷
সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নিখিল বড়ো ছাত্ৰ সন্থাৰ(ABSU) সভাপতি আৰু সাধাৰণ সম্পাদকক বিষয়টোৰ ওপৰত নজৰ দিবলৈ আহ্বান জনাই টাইচন হুছেইনে । লগতে প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিচি (BTC) চৰকাৰৰ বিৰুদ্ধেও সৰৱ হয় ABMSUৰ সভাপতিগৰাকী ।
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাৰ গয়না লৈ বিটিচিৰ হাজাৰ-হাজাৰ সংখ্যালঘু লোকক খেদিবলৈ বিটিচি চৰকাৰে ষড়যন্ত্ৰ কৰাৰো অভিযোগ উত্থাপন কৰিছে নেতাগৰাকীয়ে ৷ 2003 চনৰ বিটিচি চুক্তি ভৰিৰে মোহাৰি এক পক্ষীয়ভাৱে উচ্ছেদৰ জাননী দিয়াৰ অভিযোগ উত্থাপন কৰি বিটিচি চৰকাৰৰ এই ষড়যন্ত্ৰ কেতিয়াও সফল হ’বলৈ দিয়া নহ’ব বুলিও হুংকাৰ দিয়ে টাইচন হুছেইনে ৷