ওদালগুৰি, 15 অক্টোবৰ :‘‘কেৱল বাগান অঞ্চলত চিচি ব্লক ৰাস্তা বনোৱাটোৱে জাতিৰ উন্নয়ন হোৱা নবুজায় ৷ পৰিৱৰ্তনৰ শ্ল’গান দি শাসনত অহা প্ৰমোদ বড়োৰ চৰকাৰখনে জাতি জনগোষ্ঠীৰ উন্নয়নত ব্যৰ্থ ৷’’ এক সংবাদমেলত এই কথা সদৰী কৰে জিলা আছাৰ ছাত্ৰ সন্থাৰ সভাপতি বাবুল পাইকে ৷
উল্লেখ্যযোগ্য যে, আদিবাসী জনগোষ্ঠীৰ জনজাতিকৰণৰ সমস্যা, বিটিআৰত অঞ্চলত আদিবাসী ৰাইজৰ ভূমিৰ সমস্যাৰ লগতে চাহ শ্ৰমিকৰ মজুৰিৰ সমস্যা সমাধানৰ সন্দৰ্ভত আদিবাসী ছাত্ৰ সন্থাই বিভিন্ন সময়ত চৰকাৰৰ ওচৰত দাবী জনাই আহিছিল ৷
কিন্তু এই সন্দৰ্ভত কোনোধৰণৰ কাণসাৰ নিদিয়াৰ লগতে ৰাজনৈতিক দলসমূহে আদিবাসী ৰাইজক প্ৰতাৰণা কৰি আহিছে বুলি উত্থাপন হৈ আহিছে ভিন্ন প্ৰশ্নৰ ৷ আনকি আদিবাসী ৰাইজক ভোট বেংক হিচাপেহে ব্যৱহাৰ কৰি অহাৰো অভিযোগ উত্থাপন কৰে আদিবাসী ছাত্ৰ সন্থাই ।
তাৰোপৰি আদিবাসী ৰাইজৰ সামগ্ৰিক সমস্যা সমাধান কৰিম বুলি নিৰ্বাচনীৰ পূৰ্বে প্ৰতিশ্ৰুতি দি অহা বিটিচিৰ EM পাৰিষদসকলে কথা দি বৰ্তমান কথা নৰখাৰ লগতে তাৰ পৰিৱৰ্তে আদিবাসী ৰাইজক অপব্যৱহাৰ কৰাৰ অভিযোগ তৰিছে আদিবাসী ছাত্ৰ সন্থাই ।