ওদালগুৰি, 30 ছেপ্টেম্বৰ :‘‘কোনোবাই ৰাজনীতি কৰিব বিচাৰে কৰক ৷ তাত আমাৰ আপত্তি নাই ৷ কিন্তু আমাৰ জাতীয় কৃষ্টি সংস্কৃতিৰ ওপৰত কৰিলে আমি বহি নাথাকো ৷’’ শুকুৰবাৰে টংলাত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ সভাপতি প্ৰদীপ নাগে এক সংবাদমেল আয়োজন কৰি এই কথা সদৰী কৰে ৷
লগতে তেওঁ কয়, ‘‘ আমাৰ কৃষ্টি বেলেগ ৷ ভাষা বেলেগ ৷ সেয়ে আমাক আদিবাসী হিচাপে থাকিবলৈ দিয়ক ৷ জোৰ জবৰদস্তী আমাক চাহ জনজাতি বনাবলৈ চেষ্টা নকৰিব’’ ৷ আছাৰ সভাপতি প্ৰদীপ নাগে কয়, ‘‘আমি এইবেলি নগাঁৱৰ কৰম উৎসৱত 5 হাজাৰ নাচনীৰে ঝমুৰ নৃত্য প্ৰদৰ্শন কৰিছো ৷ অহাবাৰ একেলগে 50 হাজাৰ নাচনীৰে ঝুমুৰ আৰু কৰম নৃত্য প্ৰদৰ্শন কৰাম । ইয়াত চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)ই বাধা দিয়াৰ কোনো প্ৰয়োজন নাই’’ ৷
‘‘চাহ মজদুৰ সংঘৰ সভাপতি পৱন সিং ঘাটোৱাৰক আমি প্ৰতিদিনে 250 টকাকৈ মজুৰি দিম ৷ আপুনি এবছৰ পৰিয়াল চলাই দেখুৱাক ৷’’ সংবাদমেলযোগে এই প্ৰত্যাহ্বান জনাইছে আছাৰ সভাপতিগৰাকীয়ে ৷ বিটিচি প্ৰধান প্ৰমোদ বড়োয়ে আদিবাসীসকলক বেয়া পাই, যাৰ কাৰণে আদিবাসীসকলৰ (1) কঠা মাটি ম্যাদি হোৱা নাই । সংবাদমেলত এই মন্তব্য কৰে আছাৰ সভাপতি প্ৰদীপ নাগে ৷