অসম

assam

ETV Bharat / state

মাদক দ্ৰব্যৰ বিৰুদ্ধে ওদালগুৰিত সজাগতা সভা - ওদালগুৰি

আদিবাসী ছাত্ৰ সন্থা উদ্যোগত অনুষ্ঠিত এই সভা

পানেৰীত সজাগতা সভা

By

Published : Mar 1, 2019, 7:42 PM IST

ওদালগুৰি,১মাৰ্চ:দেশীয় সুৰা সেৱন কৰি যোৰহাট আৰু গোলাঘাটত ডেৰ শতাধিক লোকৰ মৃত্যু হোৱাৰ পাচতে ৰাজ্যজুৰি চলিছে সুৰা বিৰোধী অভিযান । শুকুৰবাৰে ওদালগুৰিৰ পানেৰী আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত বাগিছাৰ এ চি এম এছৰ সহযোগত এখন "মাদক দ্ৰব্য নিবাৰণ ও নিষেধ" সজাগতা সভা অনুষ্ঠিত কৰা হয় । পানেৰী আছাৰ সভাপতি তিলক ৰৌচন বাৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত ওদালগুৰি জিলা আছাৰ সদস্যসকলৰ লগতে সদৌ অসম কোচ ৰাজবংশী, অসম আদিবাসী মহিলা সন্থা আদি সংগঠনৰ নেতৃত্বৰ ওপৰি পানেৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মন্টু তালুকদাৰ আৰু বাগানখনৰ বহু লোক উপস্থিত থাকে ।

ABOUT THE AUTHOR

...view details