ওদালগুৰি, 23 ফেব্ৰুৱাৰী : চৰকাৰে জনজাতিকৰণৰ নামত আদিবাসীসকলক প্ৰতাৰণা কৰি অহা প্ৰতিবাদত বিজেপিৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিল সদৌ অসম আদিবাসী ছাত্ৰ সন্থা । দেওবাৰে আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত ওদালগুৰি, চিৰাং, বাক্সা, শোণিতপুৰ আৰু বিশ্বনাথ জিলা আদিবাসী ছাত্ৰ সন্থাৰ সহযোগত টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা হয় বিশাল গণ সমাবেশ ।
বিজেপি দল ক্ষমতাত আহিলে আদিবাসীসকলক জনজাতি মৰ্যদা প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও সেই প্ৰতিশ্ৰুতি আজিলৈ পালন নকৰিলে দলটোৰ নেতৃতাধীন চৰকাৰখনে । চৰকাৰে জনজাতিকৰণৰ নামত জনগোষ্ঠীটোক প্ৰতাৰণা কৰি অহা প্ৰতিবাদত বিজেপিৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিল সদৌ অসম আদিবাসী ছাত্ৰ সন্থা । ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বিশাল গণ সমাবেশ অনুষ্ঠিত কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই । প্ৰতিবাদত উপস্থিত থাকি কেইবা সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে আমাক জনজাতি মৰ্যদা লাগিবই, মিছা প্ৰতিশ্ৰুতি দিয়া বাদ দিয়ক, আদিবাসী সকলক ৰাজনৈতিক সুৰক্ষা দিয়ক, বিজেপি মুৰ্দাবাদ আদি বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে টংলাৰ আকাশ বতাহ ।