অসম

assam

ETV Bharat / state

ৰমেশ চহৰীয়াক উচিত শাস্তিৰ দাবীত থানাৰ সন্মুখত ভিৰ স্থানীয় ৰাইজৰ - মাৰাথন জেৰা

টংলা থানাত অভিযুক্ত তান্ত্ৰিক ৰমেশ চহৰীয়াক ওদালগুৰি আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে। ৰমেশ চহৰীয়াক উচিত শাস্তিৰ দাবীত থানাৰ সন্মুখত ভিৰ কৰিছে স্থানীয় লোকে

ৰমেশ চহৰীয়াক উচিত শাস্তিৰ দাবীত থানাৰ সন্মুখত স্থানীয় ৰাইজৰ ভিৰ

By

Published : Jul 9, 2019, 1:17 PM IST

ওদালগুৰি,9 জুলাইঃ কলাইগাঁও কাণ্ডৰ মূল অভিযুক্ত তান্ত্ৰিক ৰমেশ চহৰীয়া বৰ্তমান আৰক্ষীৰ জালত ৷ টংলা থানাত অভিযুক্ত তান্ত্ৰিক ৰমেশ চহৰীয়াক ওদালগুৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে মাৰাথন জেৰা। তান্ত্ৰিকজনক থানাত ৰখাৰ খবৰ পাই থানাৰ সন্মুখত ভিৰ কৰিছে স্থানীয় লোকে ৷ স্থানীয় ৰাইজৰৰ দাবী ফাঁচী হ'ব লাগে এনে এক জঘন্য কাণ্ড সংঘটিত কৰা ৰমেশ চহৰীয়াৰ ৷

ৰমেশ চহৰীয়াক উচিত শাস্তিৰ দাবীত থানাৰ সন্মুখত স্থানীয় ৰাইজৰ ভিৰ

উল্লেখ্য যে,দৰঙৰ কুৰুৱাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰমেশ চহৰীয়াক। দৰঙৰ উপ–আৰক্ষী অধীক্ষক মামণি হাজৰিকাৰ নেতৃত্বত চলোৱা অভিযানত গ্ৰেপ্তাৰ হয় ৰমেশ চহৰীয়া। আৰক্ষীয়ে বৰ্তমানেও জেৰা অব্যাহত ৰাখিছে ৰমেশ চহৰীয়াক, আৰু অধিক তদন্তৰ পিচতহে সমগ্ৰ ঘটনাৰ প্ৰকৃত তথ্য পোহৰলৈ আহিব বুলি জনাই ওদালগুৰিৰ আৰক্ষী অধীক্ষক গৰাকীয়ে a৷

ABOUT THE AUTHOR

...view details