ওদালগুৰি, 10 জুনঃ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ চূড়ান্ত ফলাফলত লেটাৰ নম্বৰ সহ ৬৮.১৬ শতাংশৰে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ওদালগুৰি জিলাৰ ৰৌতাৰ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ সুমন সিংহই ৷ কিন্তু এই সফলতাৰ পিচতো দুখত ভাগি পৰিছে সুমন ৷ কিয়নো সুমনৰ সফলতাৰ খবৰ দিবলৈ কাষত নাই পিতৃ ৷ পেছাত দমকলৰ মেৰামতি কৰি পুত্ৰ সুমনৰ পঢ়াৰ খৰছ উলিয়াবৰ বাবে ২০১৭ চনতে কাম বিচাৰি পিতৃ সুধন সিংহ গৈছিল বাংগালুৰুলৈ ৷ কিন্তু আধা বাটতে নিখোজ হৈ পৰা ছাত্ৰ গৰাকীৰ পিতৃ আজিলৈ ঘুৰি নাহিল ঘৰলৈ ৷
নিজ পিতৃক সাফল্যৰ খবৰ দিবলৈ বাট চাই ৰৈছে ৰৌতাৰ এজন ছাত্ৰই - matriculation exam
হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ ৰৌতাৰ সুমন সিংহ নামৰ ছাত্ৰগৰাকীৰ উত্তীৰ্ণৰ সুখবৰ দিবলৈ তেওঁৰ কাষত নাই পিতৃ ৷ সুদীৰ্ঘ তিনি বছৰে সন্ধানহীন হৈ আছে ছাত্ৰ গৰাকীৰ পিতৃ ৷
যোৱা তিনিটা বছৰে সন্ধান নাই ছাত্ৰগৰাকীৰ পিতৃৰ ৷ আনৰ ঘৰত কাম কৰি পৰিয়ালটো পোহপাল দি আছে সুমনৰ মাতৃয়ে ৷ সুমনৰ একমাত্ৰ জ্যেষ্ঠ ভাতৃ চপন সিংহও বিশেষভাৱে সক্ষম ৷ তথাপিও ৰৌতা অঞ্চলত চাইকেলেৰে বাতৰি বিলোৱা কাম কৰে তেওঁ ৷ ইমানৰ পিচতো ঘৰ নচলাৰ বাবে কেতিয়াবা নিজেও দিন হাজিৰ কৰিবলৈ ওলাই যায় সুমন ৷ কিন্তু এনে ঘাত প্ৰতিঘাতৰ পিচতো ৰৌতাৰ দণ্ড চহৰীয়া উচ্চতমৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সফলতাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে সুমন ৷ সুমনৰ সফলতাত এতিয়া সকলো উৎফুল্লিত হৈ পৰিছে যদিও,পিতৃক সফলতাৰ খবৰ দিব নাপাই দুখত ভাগি পৰিছে ছাত্ৰগৰাকী ৷ পিতৃৰ সন্ধানৰ বাবে সুমনৰ লগতে পৰিয়লটোৱে চৰকাৰক অনুৰোধ জনাইছে ৷