খৈৰাবাৰী, 23 ফেব্ৰুৱাৰীঃদেওবাৰে ওদালগুৰি জিলাৰ খৈৰাবাৰীত মুকলি কৰা হয় বড়ো আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত এখন শ্বহীদ উদ্যান ৷ খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ এমচিএলএ তথা বিটিচিৰ কাৰ্যবাহী সদস্য, লৌমশ্ৰাও দৈমাৰীৰ প্ৰচেষ্টাত মুংখলং গাৰ্ডেন নামেৰে নামাকৰণ উদ্যানখন নামেৰে নামাকৰণ কৰা হ'ল উদ্যানখনৰ ৷ উদ্যানখনৰ মুখ্য প্ৰৱেশদ্বাৰ মুকলি কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে |
বড়ো আন্দোলনৰ শ্বহীদৰ স্মৃতিত উদ্ধোধন 'মুংখলং গাৰ্ডেন' - এমচিএলএ তথা বিটিচিৰ কাৰ্যবাহী সদস্য লৌমশ্ৰাও দৈমাৰী
আজি বড়ো আন্দোলনৰ শ্বহীদ সকলৰ স্মৃতিত খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ এমচিএলএ তথা বিটিচিৰ কাৰ্যবাহী সদস্য, লৌমশ্ৰাও দৈমাৰীৰ প্ৰচেষ্টাত মুংখলং গাৰ্ডেন নামেৰে এখন স্মৃতি উদ্যান মুকলি কৰা হয় ওদালগুৰি জিলাৰ খৈৰাবাৰীত ৷ উদ্যানখনৰ মুখ্য প্ৰৱেশদ্বাৰ মুকলি কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷
মুংখলং গাৰ্ডেন
উদ্যানখন মুকলি কৰি শ্বহীদ সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিটিচি প্ৰধানগৰাকীয়ে ৷ এই অনুষ্ঠানত উপস্থিত থাকে বিপিএফৰ কেইবাগৰাকীও কাৰ্যবাহী সদস্য ৷ অনুষ্ঠানৰ শেষত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত আগন্তুক নিৰ্বাচন সম্পৰ্কত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে হাগ্ৰামা মহিলাৰীয়ে ৷
লগতে পঢ়কঃবন্ধ নহয় অসমৰ এখনো মাদ্ৰাছাঃ মমিনুল আৱাল