অসম

assam

By

Published : Jun 25, 2021, 1:54 PM IST

Updated : Jun 26, 2021, 12:45 PM IST

ETV Bharat / state

এটা চৰকাৰী বিভাগে মূহুৰ্ততে হত্যা কৰিলে শতাধিক দুষ্প্ৰাপ্য বগলী

টংলা চহৰত একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে এজোপা বাঁহ গছত আশ্ৰয় লৈ থকা শতাধিক বগলীক অতি নিৰ্মম ভাৱে হত্যা কৰাৰ অভিযোগে তীব্ৰ সম্প্ৰতি চাঞ্চল‍্য সৃষ্টি কৰিছে ।

এটা চৰকাৰী বিভাগে মূহুৰ্ততে হত্যা কৰিলে শতাধিক দুষ্প্ৰাপ্য বগলী
এটা চৰকাৰী বিভাগে মূহুৰ্ততে হত্যা কৰিলে শতাধিক দুষ্প্ৰাপ্য বগলী

ওদালগুৰি, 25 জুন : ক্ষমতাৰ ৰাগীত টংলা পৌৰসভাই মূহুৰ্ততে হত্যা কৰিলে শতাধিক বগলী পোৱালি । যি দৃশ্যই সকলোৰে চকু সেমেকাই তুলিছে । যি সময়ত বন্যপ্ৰাণী সুৰক্ষাৰ বাবে চৰকাৰে ন ন আইন বলৱৎ কৰিছে । তেনে সময়তে টংলা চহৰত একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে এজোপা বাঁহ গছত আশ্ৰয় লৈ থকা শতাধিক বগলীক অতি নিৰ্মমভাৱে হত্যা কৰাৰ অভিযোগে তীব্ৰ সম্প্ৰতি চাঞ্চল‍্য সৃষ্টি কৰিছে ।

এই নিৰ্মম ঘটনা সংঘটিত হৈছে ওদালগুৰি জিলাৰ টংলা চহৰত । টংলা চহৰৰ ১ নং ৱাৰ্ডৰ বাসিন্দা লোকজীৎ সুতাৰ'ৰ এজোপা বাঁহ গছত প্ৰায় তিনি শতাধিক বগলীয়ে আশ্ৰয় লৈ আছিল । এই বগলী জাকৰ মাজত আছিল বহু পোৱালিও । যাক লৈ সুতাৰৰ পৰিয়ালৰ লোকে বগলী বোৰক খাদ্য যোগান ধৰি আনন্দ লাভ কৰিছিল ।

এটা চৰকাৰী বিভাগে মূহুৰ্ততে হত্যা কৰিলে শতাধিক দুষ্প্ৰাপ্য বগলী

কিন্তু এই কাৰ্য সহ‍্য নহ’ল টংলা পৌৰসভাৰ একাংশ উভতগোৰে নচা কৰ্মচাৰীৰ‌ । কোনো কথা বতৰা নোহোৱাকৈ হঠাৎ লোকজীৎ সুতাৰলৈ পৌৰসভাৰ পৰা এখন জাননী জাৰি কৰে। পৌৰসভাই সুতাৰৰ ঘৰৰ বাঁহ চোপ যিকোনো প্ৰকাৰে কাটিবলৈ নিৰ্দেশনা দি বৃহস্পতিবাৰে হঠাতে সূতাৰৰ পৰিয়ালৰ লোক নথকা অৱস্থাত হাতত দা-কুঠাৰ লৈ পৌৰসভাৰ লোক উপস্থিত হৈ এফালৰ পৰা বাঁহ চোপ কাটি পেলায় । ফলত বাহঁ চোপত থকা শতাধিক বগলী পোৱালি মাটিত সৰি পৰি মৃত্যু হয় ।

এই দৃশ্যই স্থানীয় লোকৰ চকু সেমেকাই তোলাৰ লগতে পৌৰসভাৰ কৰ্মচাৰী সকলৰ ওপৰত কঠোৰ ব্যৱস্থা ল'বলৈ প্ৰকৃতিপ্ৰেমী ৰাইজে দাবী উত্থাপন কৰিছে ৷ বন্য প্ৰাণী সুৰক্ষা আইনক বুঢ়া আঙুলি দেখোৱাই শতাধিক বগলী পোৱালি হত্যা কৰা টংলা পৌৰসভাৰ কৰ্মচাৰী সকলৰ ওপৰত বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যনীয় হ'ব । যি সময়ত দুষ্প্ৰাপ্য বগলী সমূহক সংৰক্ষণৰ বাবে বহুতো ব্যৱস্থা লৈছে, তেনে এক সময়ত কোনো কাৰণ নোহোৱাকৈ পৌৰ সভাৰ এনে কাৰ্যই চকু কপালত তুলিছে একাংশ প্ৰকৃতি প্ৰেমীৰ । যি দৃশ্যই স্থানীয় লোকৰো চকু সেমেকাই তোলে ।

লগতে পঢ়কঃ উত্তৰ কামৰূপ বন-সংমণ্ডলৰ তুলসীবাৰী সংৰক্ষিত এলেকাত বন ধ্বংস যজ্ঞ

Last Updated : Jun 26, 2021, 12:45 PM IST

ABOUT THE AUTHOR

...view details