অসম

assam

By

Published : Jul 20, 2020, 9:03 PM IST

ETV Bharat / state

অখিল গগৈক মুক্তিৰ দাবীত ওদালগুৰিত 7 টা জাতীয় সংগঠনৰ প্ৰতিবাদ

সোমবাৰে কৃষক নেতা অখিল গগৈ,দেবাংগনা কলিতা আৰু বলদেৱ তেলীক অতি শীঘ্ৰে আৰু বিনাচৰ্তে মুক্তিৰ লগতে ক'লা আইন 'কা' প্ৰত্যাহাৰৰ দাবীত ওদালগুৰি জিলাৰ টংলা চহৰত কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ,আছু,আক্ৰাছু,আটছা,এবিএমছু,সদৌ বিটিআৰ গৰিয়া মৰিয়া দেশী ছাত্ৰ সন্থাই যৌথ ভাৱে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে ৷'

7 ORGANIZATION PROTEST AT UDALGURI, PROTERSTERS DEMAND RELEASE TO AKHIL GOGOI
অখিল গগৈক মুক্তিৰ দাবীত ওদালগুৰিত 7 টাকৈ জাতীয় সংগঠনৰ প্ৰতিবাদ

দৰং, 20 জুলাই : ক'ভিড-19 আৰু বানপানীৰ সন্ত্ৰাস চলি থকাৰ সময়তে সোমবাৰে কৃষক নেতা অখিল গগৈ,দেবাংগনা কলিতা আৰু বলদেৱ তেলীক অতি শীঘ্ৰে আৰু বিনাচৰ্তে মুক্তিৰ লগতে কলা আইন 'কা' প্ৰত্যাহাৰৰ দাবীত ওদালগুৰি জিলাৰ টংলা চহৰত কৃষক মুক্তি সংগ্ৰাম সমিতি,অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ,আছু,আক্ৰাছু,আটছা,এবিএমছু,সদৌ বিটিআৰ গৰিয়া মৰিয়া দেশী ছাত্ৰ সন্থাই যৌথভাৱে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে ৷

অখিল গগৈক মুক্তিৰ দাবীত ওদালগুৰিত 7 টাকৈ জাতীয় সংগঠনৰ প্ৰতিবাদ

সংগঠন কেইটাই স্বৈৰাচাৰী বিজেপি চৰকাৰে গণতান্ত্ৰিক প্ৰতিবাদকাৰীৰ ওপৰত কৰি অহা অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে । আনহাতে, প্ৰতিবাদী জনতাই অখিল গগৈক উন্নত চিকিৎসা প্ৰদান কৰিবলৈও চৰকাৰক দাবী জনায় ৷ অন্যান্য জাতীয়-জনগোষ্ঠীয় দল সংগঠনৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু সদৌ অসম ছাত্ৰ সন্থাই একেখন মঞ্চৰ পৰা বিজেপি চৰকাৰৰ অন্যায় আৰু ষড়যন্ত্ৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷

উল্লেখ্য যে,কৃষক নেতা অখিল গগৈক ডিচেম্বৰ মাহত মাওবাদীৰ অভিযোগত NIA ই গ্ৰেপ্তাৰ কৰিছিল ৷ লগতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তেওঁৰ বিৰুদ্ধে বহু কেইটা গোচৰ ৰুজু কৰা হৈছিল ৷

লগতে পঢ়ক : বিজেপিয়ে নকৰে কংগ্ৰেছ শাসিত সমষ্টিৰ উন্নয়নমূলক কাম !

ABOUT THE AUTHOR

...view details