অসম

assam

By

Published : Mar 13, 2020, 11:14 PM IST

ETV Bharat / state

ৰাইজে বিপিএফক ১৭ বছৰ দিলে আমাক ৫ বছৰ দিয়কঃ প্ৰমোদ বড়ো

শুকুৰবাৰে ওদালগুৰিত অনুষ্ঠিত হোৱা যোগদান সভাত ৬ শতাধিক প্ৰাক্তন এনডিএফবি নেতা কৰ্মী সহ এক সহস্ৰাধিক লোকে ইউপিপিএলত যোগদান কৰে । ওদালগুৰিৰ ৰাজহুৱা দূৰ্গাপূজা মণ্ডপত ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ উপস্থিতিত অনুষ্ঠিত হয় যোগদান কাৰ্যসূচী ৷

ইউপিপিএলত যোগদান
ৰাইজে বিপিএফক ১৭ বছৰ দিলে আমাক ৫ বছৰ দিয়কঃ প্ৰমোদ বড়ো

ওদালগুৰি, 13 মাৰ্চঃ বিটিচি নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ব্যাপক তৎপৰ হৈ পৰিছে ইউপিপিএল দল । কেৱল বড়ো জনগোষ্ঠীৰ লোকেই নহয় ইউপিপিএল দলত দলে বলে যোগদান কৰিছে বিভিন্ন জনগোষ্ঠীৰ লোকেও । শুকুৰবাৰে ওদালগুৰিৰ ৰাজহুৱা দূৰ্গাপূজা মণ্ডপত ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ উপস্থিতিত অনুষ্ঠিত হোৱা যোগদান সভাত ৬ শতাধিক প্ৰাক্তন এনডিএফবি নেতা কৰ্মী সহ এক সহস্ৰাধিক লোকে ইউপিপিএলত যোগদান কৰে । ইউপিপিএলত যোগদান কৰা ৬ শতাধিক প্ৰাক্তন এনডিএফবি কেডাৰৰ ভিতৰত এনডিএফবি প্ৰগতিশীল গোটৰ প্ৰায় কেইজন প্ৰাক্তন নেতা কেডাৰৰ লগতে কেইবাজনো এন ডি এফ বি ( আৰ), এন ডি এফ বি ( এছ ) আৰু এন ডি এফ বি ( ডি) গোটৰ প্ৰাক্তন সদস্যও আছে বুলি জনায় গোবিন্দ বসুমতাৰীয়ে ।

ৰাইজে বিপিএফক ১৭ বছৰ দিলে আমাক ৫ বছৰ দিয়কঃ প্ৰমোদ বড়ো

যোগদান সমাৰোহত উপস্থিত থাকি ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োই বিপিএফ দলক ক্ষুৰধাৰ সমালোচনা কৰি বিটিচিত যোৱা ১৭ বছৰত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ কৰে । নেতা জনে লগতে কয় যে- বিগত ১৭ বছৰত বিপিএফে বিটিচিৰ জনসাধাৰণৰ আশা আকাংক্ষা পূৰণ কৰিব নোৱাৰিলে । বিপিএফ দলটোৱে ৰাইজৰ আস্থাক ল'ব পৰা নাই । সেয়েহে আজি বিটিচিৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে । ৰাইজে বিপিএফ দলক ১৭ বছৰ দিলে আমাক ৫ বছৰ দিয়ক । আমি সকলো জাতি-জনগোষ্ঠিক লগত লৈ এখন সুন্দৰ বিটিআৰ গঠন কৰিম । নেতা জনে লগতে ইউপিপিএল চৰকাৰ গঠন হলে বিটিচিত সংঘটিত দুৰ্নীতিৰ তদন্ত কৰিব বুলিও মন্তব্য কৰে । ওদালগুৰি জিলাৰ ১০ টা সমষ্টিৰ ভিতৰত ৭ টা সমষ্টিতে ইউপিপিএল দলে জয় লাভ কৰাৰ সম্ভাৱনা আছে বুলিও বড়োই দাবী কৰে । সভাত উপস্থিত থাকি এন ডি এফ বি প্ৰগতিশীলৰ প্ৰাক্তন সভাপতি তথা ভৈৰৱকুণ্ড সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী গোবিন্দ বসুমতাৰীয়েও বিপিএফ দলক ক্ষুৰধাৰ সমালোচনা কৰে ।

ৰাইজে বিপিএফক ১৭ বছৰ দিলে আমাক ৫ বছৰ দিয়কঃ প্ৰমোদ বড়ো

আনহাতে, নেতা জনক ভৈৰৱকুণ্ড সমষ্টি মন্ত্ৰী ৰিহন দৈমাৰীৰ গৃহ সমষ্টি হোৱাত তাত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব নেকি সাংবাদিকৰ প্ৰশ্নত গোবিন্দ বসুমতাৰীয়ে কয়, "মন্ত্ৰী ৰিহণ দৈমাৰীৰ ৰণ কৌশল হ'ল ধন বল । টকা পইচাৰে ফুচলাই তেখেত সকলে নিৰ্বাচনত প্ৰাৰ্থী জয়ী কৰাৰ চেষ্টা কৰাব । কিন্তু এইবাৰ বতাহ বিপিএফৰ বিৰুদ্ধে আছে । গতিকে এইবাৰ ৰিহণ দৈমাৰীৰ ধনবল কামত নাহিব। লগতে হাগ্ৰামা মহিলাৰীৰ বিপক্ষেও ঢৌ থকা বুলি গোবিন্দ বসুমতাৰীয়ে মন্তব্য কৰাৰ উপৰিও হাগ্ৰামা মহিলাৰী নিৰ্বাচনত পৰজয় হ'ব বুলি দাবী কৰে ।

ৰাইজে বিপিএফক ১৭ বছৰ দিলে আমাক ৫ বছৰ দিয়কঃ প্ৰমোদ বড়ো

উল্লেখ্য যে, শুকুৰবাৰে টংলাটো ইউ পি পি এল দলে বিশাল পৰিৱৰ্তন যাত্ৰা বাহিৰ কৰে।

আৰু পঢ়কঃ ত্ৰিপুৰাত ধৰ্মান্তকৰণঃ ইছলাম ধৰ্ম পৰা হিন্দু ধৰ্মলৈ ধৰ্মান্তৰিত পাঁচ গৰাকী

ABOUT THE AUTHOR

...view details