ওদালগুৰি, 19 জানুৱাৰীঃ বৰ্ণিল কাৰ্যসূচীৰে জ্বিলিকি উঠিছে অষ্টম ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ ৷ ওদালগুৰি জিলাৰ অসম-অৰুণাচল প্ৰদেশ আৰু ভূটানৰ ত্ৰিবেণী সংগমত অৱস্থিত ৰাজ্যৰ অন্যতম জনপ্ৰিয় বনভোজ তথা পৰ্যটনস্থলী ভৈৰৱকুণ্ডত বিগত ১৬ জানুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা অষ্টম বাৰ্ষিক ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱকলৈ এতিয়া চৌদিশে উখল মাখল পৰিৱেশ । বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰ লগতে ভৈৰৱকুণ্ডৰ বাকৰিত জিলিকি উঠিছে ৰাজ্যৰ ক্ৰীড়াবিদসকলৰ আকৰ্ষণীয় ক্ৰীড়া শৈলী । মিষ্টাৰ ইউনিভাৰ্চ মহাদেৱ ডেকাৰ পৰা জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈলৈ সকলোৱে অংশ লৈছে এইবাৰৰ পৰ্যটন মহোৎসৱত । ইয়াৰ লগতে দেশ-বিদেশৰ ৰক বেণ্ডৰ গীতেৰে মূখৰিত হৈ পৰিছে ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ ।
উখল মাখল প্ৰকৃতিৰাণী ভৈৰৱকুণ্ড..... - অষ্টম ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ
ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱত হাতী-চাফাৰী, জীপ ছাফাৰী, এটিভি, পেৰাগ্লাইডি়ংকে ধৰি বিভিন্ন দু সাহসিক ক্ৰীড়াত অংশ লৈছে পৰ্যটক সকল । ভৈৰৱকুণ্ড পৰ্যটন আৱাসস্থলী মূখ্য মণ্ডপ হিচাপে লৈ আন দুটাকৈ স্থানত চলি আছে বিভিন্ন খেল-ধেমালি, দুঃসাহসিক ক্ৰীড়াৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান।
ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱত হাতী-চাফাৰি, জীপ ছাফাৰী, এটিভি, পেৰাগ্লাইডি়ঙকে ধৰি বিভিন্ন দু সাহসিক ক্ৰীড়াত অংশ লৈছে পৰ্যটক সকল। ভৈৰৱকুণ্ড পৰ্যটন আৱাসস্থলী মূখ্য মণ্ডপ হিচাপে লৈ আন দুটাকৈ স্থানত চলি আছে বিভিন্ন খেল-ধেমালি, দুঃসাহসিক ক্ৰীড়াৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান । বাকী থকা দিন দুটাতো দেশী-বিদেশী শিল্পীৰ সাংস্কৃতিক অনুষ্ঠান আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰক বেণ্ডৰ অনুষ্ঠানে মুগ্ধ কৰিব পৰ্যটকসকসক ।
মহোৎসৱৰ প্ৰদৰ্শনীস্থলীত দেখা পোৱা গৈছে দেশ বিদেশৰ পৰা অহা বহু পৰ্যটকক ৷ কেৱল নৃত্য-গীত অথবা ক্ৰীয়াত সীমাবদ্ধ নহয় ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ ৷ মিচিং লোকসকলৰ দ্বাৰা প্ৰস্তুত কৰা খৰিকাত দিয়া মাছ, খৰিকা দিয়া গাহৰি মাংস, কুকুৰা মাংস, পলু পোকৰ বিভিন্ন থলুৱা খাদ্য আৰু পৰম্পৰাগত পানীয়ৰ সোৱাদ ল'বলৈ ভিৰ কৰেহি বহু দেশী বিদেশী পৰ্যটকে ৷