ওদালগুৰিত তিনিদিনীয়া দৌল মহোৎসৱৰ সামৰণি - 3days doul utsav in udalguri end today
সত্ৰৰ নিয়ম অনুসৰি শুকুৰবাৰে ফাকুৱা খেলিলে ওদালগুৰিৰবাসীয়ে
ওদালগুৰি, 22 মাৰ্চ : ওদালগুৰিৰ শ্ৰীমন্ত শংকৰদেৱ সত্ৰত 20 মাৰ্চৰ পৰা তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা দৌল মহোৎসৱৰ শুকুৰবাৰে সামৰণি পৰে । দৌল উৎসৱৰ অন্তিম দিনা উখল মাখল হৈ পৰে ওদালগুৰি । বৰপেটা সত্ৰৰ পৰম্পৰা অনুসৰি দৌল উৎসৱৰ অন্তিম দিনা শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ পৰা আৰম্ভ হয় শ্ৰীকৃষ্ণৰ ঘুনুচা যাত্ৰা । দুই সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা এই ঘুনুচা যাত্ৰাত শ্ৰীকৃষ্ণৰ মূৰ্তি স্থানীয় ৰাখাল নামঘৰলৈ নি পুনৰ শ্ৰীমন্তশংকৰদেৱ সত্ৰলৈ শোভাযাত্ৰা কৰি নিয়া হয় । ইয়াৰ পাচতে অনুষ্ঠিত হয় পৰম্পৰাগতভাৱে চলি অহা বাঁহ ভগা পৰ্ব । বাঁহ ভগা পৰ্বৰ অন্তত গোঁসাইক সত্ৰৰ চাৰিওফালে ঘূৰাই পুনৰ সত্ৰৰ ভিতৰত প্ৰৱেশ কৰোৱা হয় আৰু ইয়াৰ লগে লগে আনুষ্ঠানিকভাৱে সমাপ্ত হয় শ্ৰী কৃষ্ণৰ দৌল মহোৎসৱৰ । ইপিনে মহোৎসৱৰ অন্তিমটো দিনত সত্ৰখনত দেখা গ'ল ব্যাপক জনসমাগম । বছৰ বছৰ ধৰি চলি অহা সত্ৰৰ নিয়ম অনুসৰি, আজিৰ দিনটোতহে ওদালগুৰিৰ বাসীয়ে ফাকুৱা খেলা পৰিলক্ষিত হয় ।