অসম

assam

ETV Bharat / state

ৰাষ্ট্ৰীয় জনজাতি গ্ৰন্থ উৎসৱ আৰু বড়ো লিখক সন্থাৰ ৩৫ তম প্ৰতিষ্ঠা দিৱসৰ সামৰণি - ETV BHARAT

ৰাষ্ট্ৰীয় জনজাতি গ্ৰন্থ উৎসৱ আৰু বড়ো লিখক সন্থাৰ ৩৫ তম প্ৰতিষ্ঠা দিৱসৰ আজি সামৰণি পৰে । ওৰাঙৰ কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ত বড়ো লিখক সন্থাই নেচনেল বুক ট্ৰাষ্ট অফ ইণ্ডিয়া আৰু সাহিত্য অকাডেমিৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱসৰ আয়োজন কৰিছিল ।

35TH FORMATION DAY

By

Published : Mar 17, 2019, 9:10 PM IST

ওদালগুৰি, ১৭ মাৰ্চ: ওৰাঙৰ কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ত অনুষ্ঠিত ৰাষ্ট্ৰীয় জনজাতি গ্ৰন্থ উৎসৱ আৰু বড়ো লিখক সন্থাৰ ৩৫ তম প্ৰতিষ্ঠা দিৱসৰ আজি সামৰণি পৰে । বড়ো লিখক সন্থাই নেচনেল বুক ট্ৰাষ্ট অফ ইণ্ডিয়া আৰু সাহিত্য অকাডেমিৰ উদ্যোগত তথা কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ৰ সহযোগত মহাবিদ্যালয় খনত ১৫ মার্চৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে এই দিৱসৰ আয়োজন কৰিছিল । অনুষ্ঠানৰ লগত সংগতি ৰাখি তিনিটা দিনত অনুষ্ঠিত কৰা হয় মহিলা কবি সন্মিলন, বড়ো যুৱ লিখক সভা, আলোচনাচক্ৰ, কৰ্মশালা আৰু বঁটা বিতৰণ সভা ।

35TH FORMATION DAY

আজি অনুষ্ঠানৰ অন্তিম দিনাৰ সভাত নন্দেশ্বৰ দৈমাৰী, অৰন ৰাজা বসুমতাৰী আৰু সুস্মিতা মোছাহাৰীক বঁটা প্ৰদান কৰা হয় । সভাখনত বিশিষ্ট বড়ো লিখক ড৹ মঙ্গল সিং হাজোৱাৰী, অঞ্জলি দৈমাৰী, দীননাথ বসুমতাৰীকে ধৰি বহু কেইজন বড়ো সাহিত্যিক উপস্থিত থাকে। আজিৰ অনুষ্ঠানত সাহিত্য অকাডেমিৰো বিষয়ববীয়া সকল উপস্থিত আছিল ।

ABOUT THE AUTHOR

...view details