ওদালগুৰি,7 জুন: ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান ৷ প্ৰায় প্ৰতিখন জিলাতে জিলা প্ৰশাসনে অবৈধ গাঞ্জা, ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷ দেওবাৰে নিশা ওদালগুৰিত মাজবাট আৰক্ষীয়ে অভিযান চলাই মাজবাট অঞ্চলৰ ৰঙাপানীৰ পৰা 25 কিলোগ্ৰাম গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় ৷
মাজবাটত জব্দ 25 কিলোগ্ৰাম গাঞ্জা - operation against drugs
দেওবাৰে নিশা ওদালগুৰিত মাজবাট আৰক্ষীয়ে অভিযান চলাই মাজবাট অঞ্চলৰ ৰঙাপানীৰ পৰা 25 কিলোগ্ৰাম গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় ৷ নিশা চাইকেলেৰে গাঞ্জা সৰবৰাহ কৰি থকা অৱস্থাতে মাজবাট আৰক্ষীৰ তহলদাৰী দলে জব্দ কৰে গাঞ্জাখিনি ।
![মাজবাটত জব্দ 25 কিলোগ্ৰাম গাঞ্জা 25 kg ganja seized in mazbat](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-12048657-717-12048657-1623066388169.jpg)
মাজবাটত জব্দ 25 কিলোগ্ৰাম গাঞ্জা
আৰক্ষীৰ সূত্ৰই জনোৱা মতে, মাজবাট অঞ্চলৰ ৰঙাপানীত দেওবাৰে নিশা চাইকেলেৰে গাঞ্জা সৰবৰাহ কৰি থকা অৱস্থাতে মাজবাট আৰক্ষীৰ তহলদাৰী দলে জব্দ কৰে গাঞ্জাখিনি । অৱশ্যে আৰক্ষীৰ দলটোক দেখিয়েই গাঞ্জা সৰবৰাহকাৰীজনে চাইকেল এৰি পলায়ন কৰিবলৈ সক্ষম হয় । বৰ্তমান এই ঘটনা সন্দৰ্ভত মাজবাট আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ।
লগতে পঢ়ক:গোগামুখত গাঞ্জাসহ এজনক আটক