কৰিমগঞ্জ, ২৬ জুন : কৰিমগঞ্জৰ বাজাৰিছৰা আৰক্ষী থানাৰ কৰ্তব্যৰত মহিলা কনিষ্টবলৰ দেহত ধৰা পৰিছে কৰ'ণা পজিটিভ। উল্লেখ্য যে, কনিষ্টবলগৰাকীয়ে কোনো ভ্ৰমণলৈ যোৱা নাছিল বুলি জানিব পৰা গৈছে ।
কৰিমগঞ্জত মহিলা কনিষ্টবলৰ দেহত কৰ'ণা ভাইৰাছ
কৰিমগঞ্জৰ বাজাৰিছৰা আৰক্ষী থানাৰ কৰ্তব্যৰত মহিলা কনিষ্টবল আক্ৰান্ত হৈছে কোভিড-১৯ত । ইয়াৰোপৰি বৃহস্পতিবাৰে নিশা কৰিমগঞ্জত ১২ জনকৈ লোকৰ দেহত পোৱা গৈছে কৰ'ণা পজিটিভ । ইতিমধ্যে আক্ৰান্তসকলক চিকিৎসাৰ বাবে কৰিমগঞ্জৰ কোভিড-১৯ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
কৰিমগঞ্জত মহিলা কনিষ্টবলৰ দেহত কৰ'ণা পজিটিভ
ইয়াৰোপৰি, বৃহস্পতিবাৰে নিশা কৰিমগঞ্জত ১২ জনকৈ লোকৰ দেহত পোৱা গৈছে কৰ'ণা পজিটিভ । ইতিমধ্যে আক্ৰান্তসকলক চিকিৎসাৰ বাবে কৰিমগঞ্জৰ কোভিড-১৯ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। এই মূহুৰ্তলৈ চিকিৎসালয়খনত মুঠ ৯৮ গৰাকী আক্ৰান্ত ৰোগীৰ চিকিৎসা চলি আছে বুলি হাস্পতাল কৰ্তৃপক্ষই জানিবলৈ দিয়ে ।
লগতে পঢ়ক : কলগাছিয়াত কৃত্ৰিম বানৰ তাণ্ডৱ