অসম

assam

ETV Bharat / state

মিছা প্ৰলোভনেৰে বিবাহ আৰু তাৰ পাচত চৰম প্ৰতাৰণা

মিছা প্ৰলোভন দি ত্ৰিপুৰাৰ যুৱতীগৰাকীক বিয়া পাতিছিল বাহাৰুল ইছলাম মজুমদাৰ নামৰ যুৱকজনে ৷ ত্ৰিপুৰাত ৰাজমিস্ত্ৰি কৰি থাকোতে বাহাৰুলে ফোনযোগে সম্পৰ্ক গঢ়ি হাইলাকান্দি জিলাৰ কাটলিছেৰা থানাৰ অন্তৰ্গত আপিন গাঁৱলৈ আনিছিল যুৱতীগৰাকীক ৷ কিছুদিন সম্পৰ্কীয় লোকৰ ঘৰত থকাৰ পাচত 2018 চনৰ ডিচেম্বৰত আদালতত বিবাহপাশত আবদ্ধ হয় দুয়ো৷

By

Published : May 17, 2019, 12:57 AM IST

Updated : May 17, 2019, 2:47 PM IST

ETV BHARAT

কাটলিছৰা , 16 মে' : প্ৰথমে ফোনত বাৰ্তালাপেৰে ত্ৰিপুৰাৰ এগৰাকী যুৱতীৰ লগত আৰম্ভ সম্পৰ্ক ৷ মিছা প্ৰলোভনেৰে বিবাহ আৰু বিবাহৰ পাচতে পলায়ন যুৱকৰ ৷ তাৰ পাচতেই যুৱকৰ পৰিয়ালৰ যুৱতীগৰাকীক অত্যাচাৰ ৷ আৰক্ষীৰ ওচৰত গোচৰ দাখিল ভুক্তভোগী যুৱতীৰ ৷ এই ঘটনা হাইলাকান্দি জিলাৰ কাটলিছেৰা আৰক্ষী থানাৰ অন্তৰ্গত আপিন গাঁৱৰ ৷

মিছা প্ৰলোভন দি বিবাহ

যুৱতীগৰাকীয়ে অভিযোগ উত্থাপন কৰা অনুসৰি মিছা প্ৰলোভন দি ত্ৰিপুৰাৰ এই যুৱতীগৰাকীক বিয়া পাতিছিল হাইলাকান্দিৰ বাহাৰুল ইছলাম মজুমদাৰ নামৰ যুৱকজনে ৷ ত্ৰিপুৰাত ৰাজমিস্ত্ৰি কৰি থাকোতে বাহাৰুলে ফোনযোগে সম্পৰ্ক স্থাপন কৰি হাইলাকান্দি জিলাৰ কাটলিছেৰা থানাৰ অন্তৰ্গত আপিন গাঁৱলৈ আনিছিল যুৱতীগৰাকীক ৷ কিছুদিন সম্পৰ্কীয় লোকৰ ঘৰত থকাৰ পাচত 2018 চনৰ ডিচেম্বৰত আইনীভাৱে বিবাহপাশত আবদ্ধ হয় দুয়ো ৷ কিন্তু কিছুদিন পাচতে অন্তঃসত্বা যুৱতীগৰাকীক এৰি কৰ্মসংস্থাপনৰ বাবে বাংগালুৰুলৈ যায় বাহাৰুল ৷ ইয়াৰ পাচৰে পৰা যুৱতীগৰাকীক অত্যাচাৰ চলাই আহিছে বাহাৰুলৰ পৰিয়ালৰ লোকে ৷ 15 মে' ৰ নিশাও যুৱকজনৰ পৰিয়ালৰ লোকে মাৰধৰ কৰে যুৱতীগৰাকীক ৷ ইয়াৰ পাচতে উপায়হীন হৈ কাটলিছৰা থানাত এজাহাৰ দাখিল কৰিছে যুৱতীগৰাকীয়ে ৷

Last Updated : May 17, 2019, 2:47 PM IST

ABOUT THE AUTHOR

...view details